ভাৰতৰ পাচত আমেৰিকাতো নিষিদ্ধ কৰা হ'ব চীনা এপ টিকটক

ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ঘোষণা ।

ভাৰতৰ পাচত আমেৰিকাতো নিষিদ্ধ কৰা হ
NEWZNOW
NEWZNOW

August 1,2020 03:25

ভাৰতৰ পাচতে এইবাৰ চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইকত নামিবলৈ সাজু হৈছে মহাশক্তিধৰ আমেৰিকা । অতিশীঘ্ৰে আমেৰিকাত নিষিদ্ধ কৰা হ'ব চীনা এপ টিকটকক ।

আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ মতে, এই টিকটক এপৰ জৰিয়তে চীনে আমেৰিকাৰ বাসিন্দাসকলৰ ব্যক্তিগত তথ্য লাভ কৰি চীন চৰকাৰক যোগান ধৰাৰ শংকা ব্যক্ত কৰে। যিয়ে বিপদত পেলাব পাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰক ।

ইয়াৰ পাচতে চীনা এপ টিকটক অতিশীঘ্ৰে নিষিদ্ধ ঘোষণা কৰাৰ কথা উল্লেখ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ।