আকাশমাৰ্গত দুখন বিমানৰ মাজত সংঘৰ্ষ, নিহত ৭

Soldotna Airportৰ পৰা উৰা মাৰিছিল দুয়োখন বিমানে

আকাশমাৰ্গত দুখন বিমানৰ মাজত সংঘৰ্ষ, নিহত ৭
NEWZNOW
NEWZNOW

August 1,2020 12:39

আকাশমাৰ্গত ভয়ংকৰ দুৰ্ঘটনা। আমেৰিকাৰ আলাস্কা ৰাজ্যৰ আকাশত দুখন বিমানৰ মাজত হোৱা সংঘৰ্ষ। এই সংঘৰ্ষই প্ৰাণ কাঢ়িলে  ৭জনকৈ লোকৰ। Soldotna Airportৰ পৰা উৰা মাৰিছিল এই দুয়োখন বিমানে।

 

এই দুখন বিমানৰ এখনত পাইলটৰ চীটত আছিল আলাস্কাৰ আইনী বিশেষজ্ঞ গে নপ নামৰ এগৰাকী লোক আৰু আনখন বিমানত আছিল পাইলটৰ সৈতে ৪ গৰাকী পৰ্যটক। সংঘৰ্ষৰ পাছত বিমান দুখন মালৱা ঘাইপথৰ কাষতে আহি পৰেহি।

দুখনকৈ বিমান ৰাজপথত পৰাত হুৱাদুৱাৰ সৃষ্টি হয়। প্ৰশাসনে বন্ধ কৰি দিয়ে মালৱা ঘাইপথ। ৬জন লোক থিতাতে নিহত হোৱাৰ লগতে এজন লোকৰ চিকিৎসালয়ত মৃত্যু হয়।