মৰ্মান্তিক, ঘৰ সাৰি থকা অৱস্থাতে পাহাৰৰ মাটি খহি মৃত্যু প্ৰিয়ংকাৰ ...

অকালতে হেৰাই গ'ল এটা প্ৰতিভা ।

মৰ্মান্তিক, ঘৰ সাৰি থকা অৱস্থাতে পাহাৰৰ মাটি খহি মৃত্যু প্ৰিয়ংকাৰ ...
NEWZNOW
NEWZNOW

June 28,2020 12:47

মুষলধাৰ বৰষুণৰ বাবে মহানগৰীত এটা প্ৰতিদিনে চপৰা-চপৰে খহিছে পাহাৰৰ মাটি । দেওবাৰে গুৱাহাটীৰ খাৰঘূলিৰ হিৰম্বাপুৰত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।

 

পাহাৰৰ মাটি খহি পুৱা ঘৰ সাৰি থকা অৱস্থাতে থিতাতে মৃত্যু হয় প্ৰিয়ংকা বড়ো নামৰ এগৰাকী প্ৰতিভাৱান যুৱতী ।

 

শাস্ত্ৰীয় আৰু লোক নৃত্যত পাৰ্গত প্ৰিয়ংকা আছিল এগৰাকী প্ৰতিভাৱান নৃত্য শিল্পী ।মেট্ৰিক পৰীক্ষাত সংগীত বিভাগত অসমৰ ভিতৰত প্ৰথম সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল প্ৰিয়ংকাই । পাহাৰৰ মাটি খহি এনেদৰে অকালতে প্ৰিয়ংকাই মৃত্যুক সাৱতিবলগীয়া হোৱা ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে । মৰ্মাহত হৈছে সকলো ।