মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ ঘটনা,সাতজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লুটি নিলে লক্ষাধিক ধন

মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ ঘটনা,সাতজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লুটি নিলে লক্ষাধিক ধন
NEWZNOW
NEWZNOW

August 1,2020 05:32

মহানগৰীৰ সাতগাঁৱত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । সাতজনীয়া এটা দুৰ্বৃত্তৰ দলে এজন ব্যৱসায়ীক পথতে আগুচি ধৰি মাৰপিট কৰাৰ লগতে গুলীচালনা কৰি লুটি নিলে প্রায় লক্ষাধিক টকা । দুৰ্বৃত্তৰ দলটোৱে সাতগাও নিবাসী যুৱ ব্যৱসায়ী হিমাংশু আগৰৱালা নামৰ এজন যুৱকক ৰাজপথত গাড়ীৰে আগছি ধৰি চিনেমাৰ কায়দাৰে অপহৰণ কৰি দাবী কৰি লুটি নিয়ে ধন । 

অপহৰণকৰা যুৱকজনক ভীতিগ্রস্ত কৰি শূণ্যলৈ গুলীচালনা কৰে দুৰ্বৃত্তৰ দলটোৱে । সান্ধ্য আইনৰ মাজতেই শুকুৰবাৰে বিয়লি পাথৰকুৱাৰীৰ SFS স্কুলৰ সন্মুখত সংঘটিত হয় এই ঘটনা ।  ২ খন গাড়ীৰে অহা ৭ জনীয়া দুৰ্বৃত্তৰ দলে স্কুটিত অহা  যুৱকজনক আগছি ধৰি গাড়ীত উঠাই লৈ যায় অন্য স্থানলৈ। দুৰ্বৃত্তৰ দলটোৱে অপহৰণ কৰা যুৱকজনক বিজিয়াৰ্ডৰ এটা কোঠাত আবদ্ধ কৰি মাৰপিট কৰি ৫ লাখ টকা ধন দাবী কৰে। উপায় বিহীন হৈ  যুৱক জনে google payৰ জৰিয়তে দুৰ্বৃত্তৰ দলটোক নগদ ৯৭,০০০ হাজাৰ টকা আদায় দিয়ে। 

পিছ মুহূৰ্ততে দুৰ্বৃত্তৰ দলটোৱে নাৰেংগীৰ ৰাজপথত মোকলাই দিয়ে যুৱকজনক  আৰু আন ৪ লাখ টকা আদায় দিবলৈ ভাবুকি প্ৰদান কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকৰ পৰিয়ালে সাতগাঁও থানাত এজাহাৰ দাখিল কৰে । গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত যুৱসক জনক চিকিৎসা প্ৰদানৰ অন্তত সাতগাঁৱৰ নিজৰ ঘৰলৈ লৈ অহা হয় ।