DobaraPoocho: মানসিক স্বাস্থ্য সন্দৰ্ভত অভিনেত্ৰী দীপিকা পাদুকনৰ সজাগতা অভিযান

দীপিকাই নিজৰ  NGOৰ যোগেদি মানসিক হতাশাই কৰিব পৰা ক্ষতি সম্পৰ্কে মাত মাতি আহিছে

DobaraPoocho: মানসিক স্বাস্থ্য সন্দৰ্ভত অভিনেত্ৰী দীপিকা পাদুকনৰ সজাগতা অভিযান
NEWZNOW
NEWZNOW

July 2,2020 05:27

প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ হৃদয়বিদাৰক মৃত্যুৰ পাছত বলিউডৰ বহু কলা-কুশলীয়ে সবল মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে নিজ নিজ মতামত দাঙি ধৰিছে। বলীউডৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী দীপিকা পাদুকনে ব্যক্তি বিশেষৰ বাবে পাৰ্থিৱ সুখৰ সমান্তৰালভাৱে মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি সন্দৰ্ভত সমৰ্থন কৰি আহিছে। এই ক্ষেত্ৰত তেখেতৰ 'Live, Love, Laugh' শীৰ্ষক অনুষ্ঠানটিয়ে (NGO) যথেষ্ট কাম কৰি আহিছে।

 

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে #DobaraPoocho নামৰ এক সজাগতা অভিযান আৰম্ভ কৰিছে, যাৰ জৰিয়তে তেখেতে আহ্বান জনায় যাতে সকলোৱে নিজৰ আপোনজনৰ লগত মত বিনিময় কৰে আৰু জীৱনৰ সংঘৰ্ষবোৰৰ কথা আলোচনা কৰে। লগতে তেওঁ কয় কোনোৱে যদি মানসিকভাৱে ভাগি পৰে তেন্তে তেওঁ আত্মীয় তথা আপোনজনৰ লগত সময় অতিবাহিত কৰা উচিত আৰু বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

 

দীপিকাই তেখেতৰ  NGOৰ যোগেদি মানসিক হতাশাই কৰিব পৰা ক্ষতি সম্পৰ্কে মাত মাতি আহিছে। তেখেতে ইনষ্টাগ্ৰামত ৪ মিনিট দৈৰ্ঘ্যৰ এটা ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে আপোন লোকসকলৰ যত্ন ল'ব লাগে, কিদৰে আপোন জনৰ গুৰুত্বতা সম্পৰ্কে মনত পেলাব লাগে এই বিষয়ে মতামত আগবঢ়ায়। এই ভিডিঅ'টোত উপস্থাপন কৰা ৪ টা ভিন্ন কাহিনীয়ে দৰ্শকৰ চকুত চকুপানী নিগৰাবলৈ বাধ্য কৰে। ইয়াৰ লগতে দীপিকাই যোৱা সপ্তাহত আত্মহত্যা প্ৰতিহতকৰণৰ ওপৰত ডক্টৰ শ্যাম ভাট আৰু ডক্টৰ শৌমিত্ৰ পাঠাৰৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল।