অতি জনপ্ৰিয় মাৰাঠী অভিনেতা আশুতোষ ভাকৰেৰ আত্মহত্যা

মাথো ৩২ বছৰ বয়সতে নিজৰ জীৱন শেষ কৰি পেলালে আশুতোষে

অতি জনপ্ৰিয় মাৰাঠী অভিনেতা আশুতোষ ভাকৰেৰ আত্মহত্যা
NEWZNOW
NEWZNOW

July 30,2020 11:18

২০২০ বৰ্ষটোৱে লৈ আনিছে ইটোৰ পিছত সিটো বেয়া খবৰ। এইবাৰ দুঃসংবাদ আহিছে মাৰাঠী ছবিজগতৰ পৰা। মহাৰাষ্ট্ৰৰ অতি জনপ্ৰিয় অভিনেতা আশুতোষ ভাকৰেৰ আত্মহত্যা। মাথো ৩২ বছৰ বয়সতে নিজৰ জীৱন শেষ কৰি পেলালে আশুতোষে।

মহাৰাষ্ট্ৰৰ নান্দেৰস্থিত নিজৰ ঘৰৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে অভিনেতাজনৰ মৃতদেহ। এতিয়ালৈকে জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ। উল্লেখ্য যে আশুতোষৰ পত্নী ময়ূৰী দেশমুখো মহাৰাষ্ট্ৰৰ অতি জনপ্ৰিয় অভিনেত্ৰী। ২০১৬ চনত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৰে যুটিক খুব পচন্দ কৰে অনুৰাগীসকলে।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা তদন্ত চলি থাকোতেই আশুতোষ ভাকৰেৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে মহাৰাষ্ট্ৰৰ আৰক্ষীৰ বাবে। বহুকেইখন মাৰাঠী ছবিৰ জনপ্ৰিয় নায়ক আশুতোষৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ মহাৰাষ্ট্ৰতে।