হিৰ' হ'লগৈ জিৰ' ! জুৱা খেলি গ্ৰেপ্তাৰ হ'ল জনপ্ৰিয় অভিনেতা

অভিনেতাজনৰ ঘৰৰ পৰা জুৱা খেলত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগতে জব্দ কৰা হয় বহু লক্ষাধিক টকা

হিৰ
NEWZNOW
NEWZNOW

July 29,2020 12:47

চাৰিওফালে কেৱল মাত্ৰ ক'ৰোনাৰ খবৰ। চলি আছে লকডাউন। কিমান আৰু ঘৰতে শুই-বহি সময় কটাব! আমনি লগাতো স্বাভাৱিক। কি কৰো কি নকৰো ভাবি এজন জনপ্ৰিয় অভিনেতা ঘৰতে বহি খেলিলে জুৱা। পিছে বেয়া কাম কৰিলে ভাগ্যও কেতিয়াবা বেয়া হৈ পৰে। ভাগ্য সু্প্ৰসন্ন নাছিল অভিনেতাজনৰ কপালত। তেওঁ ঘৰতে জুৱাৰ মেলা পতা বুলি আৰক্ষীৰ কাণত গৈ পৰিলগৈ।

ফলত যি হ'বলগীয়া আছিল সেয়াই হ'ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিলে এইজন নায়কক। কাৰণ নায়ক তেওঁ ছবিজগতৰহে, বাস্তৱ জগতৰতো নহয়। ৰিল লাইফত হিৰ' হ'লে ৰিয়েল লাইফতো হিৰ'ৰ দৰে কাম কৰিব লাগে। তেনে নকৰাৰ বাবেই আৰক্ষীয়ে জুৱাৰ দৰে এক গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ কৰিলে অভিনেতাজনক। কৈ আছো জনপ্ৰিয় তামিল অভিনেতা ছামৰ কথা। লকডাউনৰ মাজতে জুৱা খেলি আৰক্ষীৰ জালত পৰিল বহু ছুপাৰহিট চিনেমাৰ নায়ক ছাম।

 

অভিনেতাজনৰ প্ৰকৃত নাম ছামছুদ্দিন ইব্ৰাহিম। তেওঁ ছাম (Shaam) নামেৰেহে ৰাইজৰ মাজত চিৰ পৰিচিত অভিনেতা। তামিলৰ উপৰিও তেওঁ তেলেগু আৰু কানাড়া ছবিতো অভিনয় কৰিছে। চেন্নাইৰ কপস্কেল ননগম্বকম অঞ্চলত অৱস্থিত অভিনেতাজনৰ এপাৰ্টমেণ্টৰ পৰা ছামৰ সৈতে মুঠ ১১ জনক জুৱা খেলি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

অভিনেতাজনৰ ঘৰৰ পৰা জুৱা খেলত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগতে জব্দ কৰা হয় বহু লক্ষাধিক টকা। জুৱা খেলত টোকেন ব্যৱহাৰ কৰা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।  উল্লেখ্য যে কিছুদিনৰ পিছতেই ভেনকট প্ৰভুৱে পৰিচালনা কৰা আৰু ছামে অভিনয় কৰা ‘পাৰ্টী’ নামৰ ছবিখনে মুক্তি লাভ কৰিব।