আৰ্থিক সংকট আৰু ডিপ্ৰেছনত ভুগিছে এইজন অভিনেতা, ছ'চিয়েল মিডিয়াত কৰিছে কামৰ অনুৰোধ

মই বিষাদৰ চৰমসীমাত উপনীত হৈছোহি। মোক এই সময়ত কামৰ বৰ প্ৰয়োজন হৈছে

আৰ্থিক সংকট আৰু ডিপ্ৰেছনত ভুগিছে এইজন অভিনেতা, ছ
NEWZNOW
NEWZNOW

June 27,2020 04:09

ক'ৰোনাই আৰ্থিক ভাৱে জুৰুলা কৰি তুলিছে সমাজৰ ভিন্ন স্তৰৰ মানুহক। শিল্পী সমাজতো ক'ৰোনাৰ বিৰূপ প্ৰভাৱ পৰিছে। এজন অভিনেতাই ছ'চিয়েল মিডিয়াত বিচাৰিছে কামৰ ভিক্ষা। অভিনেতাজন সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা শ্বাৰ্দুল পণ্ডিত।

 

শ্বাৰ্দুলে অৰ্থৰ অভাৱত ভুগি সংকটৰ সৈতে যুঁজ দি থকাৰ কথা স্পষ্টকৈ জনাইছে ইনষ্টাগ্ৰামৰ জৰিয়তে। শ্বাৰ্দুলে ইনষ্টাগ্ৰামৰ পোষ্টটোত নিজৰ অভিনয় যাত্ৰাৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে কৰা সংগ্ৰামৰ কথা উল্লেখ কৰিছে। অভিনেতাজনে এতিয়া দুঃসময়ৰ সৈতে যুঁজ দি থকাৰ কথা কোৱাৰ লগতে ডিপ্ৰেছনত ভুগাৰ কথা কয়। 

 

তেওঁ লিখিছে- ''মই বিষাদৰ চৰমসীমাত উপনীত হৈছোহি। মোক এই সময়ত কামৰ বৰ প্ৰয়োজন হৈছে। হয়তো কোনোবাই মই এনেকৈ কাম বিচৰাৰ বাবে হাঁহিব পাৰে কিন্তু মই এনেকৈ কাম বিচাৰিবলৈ বাধ্য হৈ পৰিছো। কোনোবাই এই পোষ্টটো পঢ়ি মোক কাম দিলে মই আজীৱন ধন্য হৈ ৰ'ম। ময়ো মোৰ বেয়া সময়ৰ ওচৰত হাৰ মানিব পাৰিলোহেঁতেন আৰু মোৰ নামৰ আগতো RIP লিখা গ'লহেঁতেন কিন্তু মই সৌভাগ্যশালী যে মোৰ লগত এনে কিছুমান বন্ধু আছে যিয়ে মোক চম্ভালি ৰাখিছে। জীৱনৰ ওচৰত হাৰ মনা উচিত নহয়। যদি লাগে যে সকলোবোৰ পথ বন্ধ হৈ পৰিছে তেন্তে ঘৰলৈ গুচি যোৱা উচিত, ময়ো ঘৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছো।'' 

 

উল্লেখ্য যে শ্বাৰ্দুল পণ্ডিতৰ এই পোষ্টে সম্প্ৰতি ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।