''মোৰ গৰ্ভত পুনৰ্জন্ম ল'ব সুশান্তই''- এই দাবী ৰাখী ছাৱন্তৰ !

ৰাখীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ'ৰ জৰিয়তে জনাইছে এই দাবী

NEWZNOW
NEWZNOW

June 23,2020 01:19

বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক এতিয়াও সহজভাৱে ল'ব পাৰে নাই বলীউডৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাই। সুশান্ত সিং ৰাজপুতৰ পুনৰ জনম হ'ব বুলি দাবী কৰিছে বলীউডৰ আইটেম গাৰ্ল তথা 'ড্ৰামা কুইন' ৰাখী ছাৱন্তে।

 

ৰাখীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ' পোষ্ট কৰি দাবী কৰিছে যে-''মোৰ গৰ্ভত পুনৰ্জন্ম ল'ব সুশান্ত সিং ৰাজপুতে। সুশান্তই সপোনত আহি মোক কৈছে যে মোৰ অনুৰাগীসকলক তুমি জনাই দিয়া যে মই তোমাৰ সন্তান হিচাপে এই পৃথিৱীত পুনৰ্জন্ম গ্ৰহণ কৰিম। ৰাখী তুমি সোনকালে বিয়া পাতি লোৱা আৰু মই তোমাৰ গৰ্ভৰ পৰাই জন্ম ল'ম আকৌ। আপোনালোকে বিশ্বাস নকৰিব পাৰে কিন্তু সঁচাকৈয়ে সুশান্তই সপোনত আহি মোক এই কথা জনাইছে।''

 

ৰাখীৰ এই ভিডিঅ' দেখিয়েই খং-ক্ষোভত ফাটি পৰিছে সুশান্ত সিং ৰাজপুতৰ প্ৰতিজন অনুৰাগী। ৰাখীক উদ্দেশ্যে দিয়া গালি-শপনিৰে ভৰি পৰিছে এতিয়া ভিডিঅ'টোৰ কমেণ্ট বক্স। ছ'চিয়েল মিডিয়াত ৰাখী হৈছে ট্ৰ'লৰ সন্মুখীন। ইউজাৰ্ছসকলে ৰাখীৰ ইনষ্টা একাউণ্ট ৰিপ'ৰ্ট মাৰি ব্লক কৰি দিয়াৰো ধমকি দিছে।