সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ নতুন মোৰ, ৰিয়া চক্ৰবৰ্তীৰ ওপৰত কি কি ৭টা অভিযোগ সুশান্তৰ পিতৃৰ

সুশান্তৰ পিতৃ কে কে সিঙৰ অভিযোগ , ৮ জুনত সুশান্তক ব্ৰেক আপ দি নগদ ধন আৰু জুৱেলাৰী লৈ গৈছিল ৰিয়াই ।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ নতুন মোৰ, ৰিয়া চক্ৰবৰ্তীৰ ওপৰত কি কি ৭টা অভিযোগ সুশান্তৰ পিতৃৰ
NEWZNOW
NEWZNOW

July 29,2020 10:58

বলীউডী অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই ৰূপ সলাইছে । এইবাৰ মুখ খুলিছে সুশান্তৰ পিতৃ কে কে সিঙে । সুশান্তৰ পিতৃৰ গুৰুতৰ অভিযোগ ৰিয়া চক্ৰবৰ্তীৰ বিৰুদ্ধে । যাৰ বাবে মঙলবাৰে পাটনাৰ ৰাজীৱ নগৰ আৰক্ষী ষ্টেচনত ৰিয়াৰ বিৰুদ্ধে ৯ পৃষ্ঠাজোৰা এজাহাৰ দাখিল কৰিছে সুশান্তৰ পিতৃয়ে ।

পিতৃ কে কে সিঙৰ অভিযোগ অনুসৰি,

১. ৮ জুনত সুশান্তক ব্ৰেক আপ দি নগদ ধন, পিন নম্বৰসহ ক্ৰেডিট কাৰ্ড, গুৰুত্বপূৰ্ণ নথি পত্ৰ আৰু জুৱেলাৰী লৈ গৈছিল ৰিয়াই ।

২. সুশান্তৰ মেডিকেল ৰিপোৰ্ট ৰাজহুৱা কৰাৰ ধমকি দিছিল ৰিয়াই ।

৩. দেশত ক'ৰোনাৰ সংহাৰৰ মাজতে ২২ মাৰ্চৰ পূৰ্বে সুশান্তৰ বিশ্বাসী দেহৰক্ষীক উলিয়াই দিছিল চাকৰিৰ পৰা ।

৪. পিতৃৰ অভিযোগ, সুশান্তৰ ক্ৰেডিট কাৰ্ডৰ পৰা বিগত বৰ্ষত বহু শ্ব'পিং কৰা হৈছিল । বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে ইউৰোপলৈ ৰিয়াৰ সমস্তখৰচ সুশান্তে কৰিছিল ।

৫.ৰিয়াই সুশান্তই বলপূৰ্বকভাৱে অত্যাধিক ঔষধ সেৱন কৰাইছিল আৰু পৰিয়ালক লগ কৰিবলৈ বাধা প্ৰদান কৰিছিল । লগতে তেওঁৰ চিকিত্সকৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে সুশান্তৰ পিতৃয়ে ।

৬. বিগত এটা বছৰত ১৭ কোটি টকা খৰচ কৰা হৈছিল সুশান্তৰ একাউন্টৰ পৰা । য'ত ১৫ কোটি এনে কিছু একাউন্টলৈ ট্ৰান্সফাৰ কৰা হৈছিল যাৰ সুশান্তৰ সৈতে কোনো লেনদেন নাছিল । তেনেস্থলত সেই একাউন্টসমূহ পৰীক্ষণৰ দাবী উত্থাপন কৰে সুশান্তৰ পিতৃয়ে ।

৭. সুশান্তৰ পিতৃৰ মতে, সুশান্তে কেৰালাৰ কুৰ্গত মাটি ক্ৰয় কৰি অৰ্গনিক খেতি কৰাৰ কথা ভাবিছিল । যদিও ৰিয়াই ইয়াৰ বিৰোধিতা কৰাৰ লগতে সুশান্তৰ মেডিকেল ৰিপোৰ্ট ৰাজহুৱা কৰাৰ ধমকি দিছিল ।

ইয়াৰ বাবে ৰিয়া, ৰিয়াৰ ভাতৃ সৌবিক, ৰিয়াৰ পিতৃ-মাতৃ আৰু সুশান্তৰ মেনেজাৰ শ্ৰুতি মোডীৰ ওপৰত ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত বেলেগ বেলেগ ধাৰাত গোচৰ ৰুজু কৰে । ৩০৬ ধাৰাত আত্মহত্যাৰ কৰিবলৈ উদগণি যোগোৱাৰ লগতে ৩৪২,৩৮০,৪০৬ আৰু প্ৰৱঞ্চনা বাবে ৪২০ ৰ লগতে ৫০৬ আৰু ১২০ ৰ অধীনত এজাহাৰ দাখিল কৰা হৈছে ।