TikTok VS Youtube: এতিয়াৰে পৰা Youtubeত বনাব পাৰিব শ্বৰ্ট ভিডিঅ’

১৫ ছেকেণ্ডলৈ শ্বৰ্ট ভিডিঅ’ বনাব পাৰিব Youtubeত

TikTok VS Youtube: এতিয়াৰে পৰা Youtubeত বনাব পাৰিব শ্বৰ্ট ভিডিঅ’
NEWZNOW
NEWZNOW

June 27,2020 06:35

TikTokৰ জনপ্ৰিয়তাৰ কথা সকলোৱে জানে। এইবাৰ TikTokক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে Youtube। গুগলে ইউটিউবত এনেকুৱা এটা ফিচাৰ লৈ আহিব যাৰ দ্বাৰা সকলোৱে নিজে ১৫ ছেকেণ্ডলৈ শ্বৰ্ট ভিডিঅ’ বনাব পাৰিব।

 

Youtubeএ এই ভিডিঅ’ ফৰ্মেটৰ নাম ৰাখিছে SHORTS। বৰ্তমান এনড্ৰয়ড আৰু আইঅএছত ইয়াৰ পৰীক্ষণ কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।

 

আনহাতে গুগলৰ লগতে ফেচবুকেও শ্বৰ্ট ভিডিঅ’ বনোৱাৰ ক্ষেত্ৰত প্ৰস্তুতি তুংগত ৰাখিছে ।