তিহাৰ জে'লত ভগ্নী ধৰ্ষণকাৰীক হত্যা কৰি প্ৰতিশোধ পূৰণ যুৱকৰ !

মহম্মদ মেহতাব ২০১৪ জনৰ পৰা তিহাৰ জে'লত বন্দী হৈ আছিল।  মহম্মদ মেহতাবে জাকিৰৰ নাবালিকা ভগ্নীক ধৰ্ষণ কৰিছিল

তিহাৰ জে

তিহাৰ জে'লত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। এজন কয়দীয়ে হত্যা কৰিলে আন এজন কয়দীক। ঘটনা অনুসৰি মহম্মদ মেহতাব নামৰ কয়দীজনক হত্যা কৰে জাকিৰ নামৰ কয়দীজনে। মহম্মদ মেহতাব ২০১৪ জনৰ পৰা তিহাৰ জে'লত বন্দী হৈ আছিল। মহম্মদ মেহতাবে জাকিৰৰ নাবালিকা ভগ্নীক ধৰ্ষণ কৰিছিল। ধৰ্ষণকাণ্ডৰ পিছতেই জাকিৰৰ ভগ্নীয়ে কৰিছিল আত্মহত্যা।

 

সেই তেতিয়াৰে পৰা জাকিৰৰ মনত মহম্মদ মেহতাবৰ প্ৰতি প্ৰতিশোধৰ ভাৱ জাগি উঠিছিল। মহম্মদ মেহতাবকো হত্যা কৰি ভগ্নীৰ প্ৰতিশোধ পূৰণ কৰিবলৈ ব্যাকুল হৈ উঠিল জাকিৰ। কিন্তু ধৰ্ষণকাৰী মহম্মদ যিহেতু তিহাৰ জে'লত বন্দী হৈ আছিল সেয়ে তাৰ কাষ চপাটো জাকিৰৰ বাবে সম্ভৱ নাছিল। ২০১৮ চনত নিজ ইচ্ছা অনুসৰিয়েই জাকিৰে এক হত্যাকাণ্ডৰ লগত নিজক জড়িত কৰে যাতে তাৰো তিহাৰ জে'ললৈ যোৱাৰ পথ খোল খায়। ২০১৮ চনত জাকিৰৰ  বয়স হৈছিল ২০ বছৰৰো কম। সেয়ে সি মহম্মদ মেহতাব থকা ৱাৰ্ডত থাকিব পৰা নাছিল।

 

প্ৰতিদিনে জ্বলি আছিল তাৰ মনত প্ৰতিশোধৰ জ্বালা, কেনেদৰে মহম্মদক হত্যা কৰিব পাৰি সেই চিন্তাই জাকিৰক খুলি খুলি খাবলৈ ধৰিলে। ২০ বছৰ বয়স পাৰ কৰাত জাকিৰক অন্য এটা ৱাৰ্ডলৈ প্ৰেৰণ কৰা হ'ল, তেতিয়াও কিন্তু জাকিৰে লগ পোৱা নাছিল মহম্মদ মেহতাবক। জাকিৰে নিজৰ ৱাৰ্ডত থকা কয়দীসকলৰ সৈতে দৈনিক কাজিয়াত লিপ্ত হ'বলৈ ধৰিলে যাতে তাক অন্য ৱাৰ্ডলৈ প্ৰেৰণ কৰা হয়।

 

দৈনিক কাজিয়াত লিপ্ত থকা জাকিৰক লৈ তিহাৰ জে'ল কৰ্তৃপক্ষ অতীষ্ঠ হৈ উঠে আৰু তাক অন্য এটা ৱাৰ্ডলৈ প্ৰেৰণ কৰা হয়,য'ত আছিল মহম্মদ মেহতাব। এই সুযোগৰ অপেক্ষাতে আছিল জাকিৰ। ২৯ জুনত জাকিৰে ধাতুৰে এক চোকা অস্ত্ৰ নিজ হাতে তৈয়াৰ কৰে। ৩০ জুনৰ পুৱা মহম্মদ মেহতাবক হানি-খুচি হত্যা কৰে জাকিৰে। মহম্মদক তিহাৰ জে'ল কৰ্তৃপক্ষই ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তিহাৰ জে'লৰ ভিতৰতে সংঘটিত হোৱা প্ৰতিশোধ পূৰণৰ এই ভয়ংকৰ হত্যাকাণ্ডই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।