ভাৰতত বন্ধ নহয় PUBG ! কিন্তু কিয় ?

PUBG বিশ্বজুৰি জনপ্ৰিয় হোৱাৰ পিছত চীনা কোম্পানী Tencent–এ নিৰ্মাতাসকলৰ সৈতে এক চুক্তি কৰি চীনত ইয়াক মাৰ্কেটিঙৰ কাৰণে লয়

ভাৰতত বন্ধ নহয় PUBG ! কিন্তু কিয় ?
NEWZNOW
NEWZNOW

June 30,2020 11:11

কেন্দ্ৰীয় চৰকাৰে এক জাননীৰ জৰিয়তে ভাৰতত নিষিদ্ধ ঘোষণা কৰে ৫৯টা মোবাইল চীনা এপ। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰী হয় এই বৃহৎ ঘোষণা। কেন্দ্ৰ চৰকাৰে ইনফৰমেচন টেকন’লজি এক্ট, 2000 (IT Act, 2020)ৰ ধাৰা 69Aৰ অধীনত এই ৫৯ চীনা এপ নিষিদ্ধ কৰিছে। এই চেকশ্যনত ব্যৱস্থা আছে যে কেন্দ্ৰ চৰকাৰ বা অধিকৃত অধিকাৰসমূহে যদি বিবেচনা কৰে ইয়াৰ জৰিয়তে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব বা সুৰক্ষাৰ প্ৰতি কোনো ধৰণৰ বিপদ আছে তেনেহ’লে এইসমূহ তেওঁলোকে নিষিদ্ধ কৰিব পাৰে।

 

এতিয়া মানুহৰ মাজত প্ৰশ্ন উঠিছে বন্ধ হ’ব নেকি PUBG। সদ্যহতে ভাৰতত PUBG নিষিদ্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই। PUBG হৈছে Bluehole নামৰ দক্ষিণ কোৰিয়াৰ এটা গেম ষ্টুডিঅ’ৰ দ্বাৰা সৃষ্ট আৰু পৰিচালিত গেম। কিন্তু গেমটো বিশ্বজুৰি জনপ্ৰিয় হোৱাৰ পিছত চীনা কোম্পানী Tencent–এ নিৰ্মাতাসকলৰ সৈতে এক চুক্তি কৰি চীনত ইয়াক মাৰ্কেটিঙৰ কাৰণে লয়।

 

লাহে লাহে চীনা কোম্পানীটোৱে বিতৰণৰ ক্ষেত্ৰত অধিক দখল লাভ কৰে আৰু ভাৰতৰ প্লে ষ্টৰত PUBG চীনা কোম্পানী Tencent–এ বিতৰণ কৰে। অৱশ্যে মিশ্ৰিত মালিকীস্বত্বৰ কাৰণে সোমবাৰে ভাৰতত নিষিদ্ধ হোৱা এপৰ তালিকাৰ পৰা বাদ পৰিল PUBG। হয়তো ভাৰত চৰকাৰে এতিয়ালৈকে এই তথ্য আহৰণ কৰিব পৰা নাই যে চীনৰ Tencent–এ PUBGত কিমান শতাংশ মালিকীস্বত্ব ৰাখিছে। সেই কথাখিনি স্পষ্ট নোহোৱা বাবেই সদ্যহতে PUBG ভাৰতত চলাই থকাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।