গণ সংক্ৰমণৰ ভয়ংকৰ ঘটনাঃ বিবাহৰ দ্বিতীয় দিনাই দৰাৰ মৃত্যু, ক'ৰোনাত আক্ৰান্ত ১১১ গৰাকী লোক

বিহাৰত অনুষ্ঠিত এখন বিবাহে এতিয়া জোকাৰিছে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক ।

গণ সংক্ৰমণৰ ভয়ংকৰ ঘটনাঃ বিবাহৰ দ্বিতীয় দিনাই দৰাৰ মৃত্যু, ক
NEWZNOW
NEWZNOW

June 30,2020 11:03

বিহাৰৰ পাটনাৰ পালীগঞ্জত অনুষ্ঠিত এখন বিবাহে এতিয়া জোকাৰিছে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক । কিয়নো এই বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰা লোকসকলৰ মাজত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ভিড১৯ সংক্ৰমণ ।

 

এই পৰ্যন্ত উক্ত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰা ৩৬৯ গৰাকী লোকৰ লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু ইয়াৰে ৮৯ গৰাকী লোকৰ শৰীৰতেই লাভ কৰা গৈছে ক'ভিড১৯ৰ উপস্থিতি । আনহাতে বিবাহস্থলীত উপস্থিত থকা ৩১ গৰাকী লোক পূৰ্বৰ পৰাই আক্ৰান্ত আছিল ক'ভিড১৯ত ।

 

১৫ জুনত অনুষ্ঠিত এই বিবাহৰ অনুষ্ঠিত হোৱাৰ পাচৰ দিনাই মৃত্যু হৈছিল দৰাৰ । বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰা কেইগৰাকীমান লোকৰ শৰীৰত ক'ৰোনাৰ লক্ষণ পোৱা গৈছিল আৰু তাৰ পাচতে দৰাৰ পৰিয়ালৰ লোকৰ শ্বাব লোৱা হৈছিল । য'ত ৯ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছিল ক'ভিড১৯ ।

 

পৰিয়ালৰ মতে, বিবাহৰ পূৰ্বেই দৰা গাড়ীৰে দিল্লীৰ পৰা আহিছিল বিহাৰলৈ । বিহাৰত উপস্থিত হৈ তেওঁ কিছু আইচলেচনত থাকে আৰু তেওঁৰ শৰীৰত ধৰা পৰিছিল কিছু লক্ষণ। তাৰ পাচতে বিবাহৰ দ্বিতীয় দিনাই মৃত্যু হয় দৰাৰ ।

 

ইপিনে দৰাৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কাৰ্যত উপস্থিত থকা স্থানীয় দোকানী,পাচলি বিক্ৰেতাকে ধৰি ভিন্ন গৰাকী আক্ৰান্ত হৈছে ক'ভিড১৯ ত । যিয়ে চিন্তিত কৰি তুলিছে প্ৰশাসনক ।