ক'ৰোনাতংক, পানীৰ লগত চেনিটাইজাৰ মিলাই সেৱন কৰি মৃত্যু ৯ গৰাকীৰ ...

ক'ৰোনাতংকৰ মাজতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ।

ক
NEWZNOW
NEWZNOW

July 31,2020 06:17

ক'ৰোনাৰ সংহাৰৰ মাজতে দেশত চেনিটাইজাৰৰ ব্যাপক প্ৰচলন চলি থকাৰ সময়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । অন্ধপ্ৰদেশত পানীৰ লগত চেনিটাইজাৰ মিলাই খাই মৃত্যু ৯ গৰাকী লোকৰ ।

ৰাজ্যখনৰ প্ৰকাশম জিলাৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ কৌশলে অৱগত কৰে এই কথা । ক'ৰোনাৰ ভয়ত বিগত কিছু দিন ধৰি পানীৰ লগতে অন্য পানীয় পদাৰ্থৰ সৈতে চেনিটাইজাৰ মিলাই মৃত্যু হোৱা লোককেইগৰাকীয়ে সেৱন কৰা বুলি তেওঁলোকৰ পৰিয়ালবৰ্গই জানিবলৈ দিয়ে । যদিও বৰ্তমানে আৰক্ষীয়ে এই সম্পৰ্কত অব্যাহত ৰাখিছে তদন্ত ।