১ জুলাইৰ পৰা বেংক সমূহত হ'ব বৃহৎ পৰিৱৰ্তন

আপোনাৰ বাবে জনাতো খুবেই প্ৰয়োজন কি কি পৰিৱৰ্তন হ'ব বেংক সমূহত

১ জুলাইৰ পৰা বেংক সমূহত হ
NEWZNOW
NEWZNOW

June 29,2020 04:56

জুলাই মাহৰ ১ তাৰিখৰ পৰা বেংক সমূহত হ'বলৈ গৈ আছে কেবাটাও বৃহৎ পৰিৱৰ্তন। এই পৰিৱৰ্তনে আপোনাৰ জীৱনতো পেলাব পাৰে প্ৰভাৱ।কিন্তু কি সেই পৰিৱৰ্তন। 

 

 

১. বুধবাৰৰ পৰা বেংক একাউন্টধাৰী সকলে এ.টি.এমৰ পৰা টকা উলিওৱাৰ ক্ষেত্রত নাপাব কোনো ধৰণৰ ৰেহাই।পূৰ্বৰ দৰে প্ৰতি মাহত মেট্র' চহৰত ৮ বাৰ আৰু নন মেট্র'ত ১০ বাৰকৈহে উলিয়াব পাৰিব এ.টি.এমৰ পৰা টকা। ক'ভিড-১৯ৰ বাবে ৩০ জুনলৈ অসীমিতভাবে টকা উলিয়াব পৰা সুবিধা দিছিল চৰকাৰে। 

 

 

২. পূৰ্বৰ দৰে পুনৰ বেংক একাউন্টত ৰাখিব লাগিব ন্যূনতম ৰাশি। ১ জুলাইৰ পৰা ধাৰ্য হ'ব এই নিয়ম। লকডাউনৰ সময়চোৱাত এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছিল যদিও পুনৰ মেট্ৰ' চহৰ আৰু গ্ৰাম্য এলেকা সমূহত বেলেগ বেলেগ পৰিমাণৰ হিচাপত ধাৰ্য কৰা হ'ব ৰাশি। 

 

 

৩. গ্ৰাহকৰ ওপৰত সকলোতকৈ বেছি মাধমাৰ পৰিব সুদৰ ক্ষেত্রত। অধিক সংখ্যক বেংকে হ্ৰাস কৰিব সুদৰ পৰিমাণ। পঞ্জাৱ ন্যাশনাল বেংকৰ পৰা পোৱা সুদৰ পৰিমাণ ০.০৫ লৈ হ্রাস পাব। ইপিনে অন্য চৰকাৰী বেংক সমূহতো অধিকতম ৩.২৫ শতাংশ সুদ হে লাভ কৰিব গ্ৰাহকে। 

 

 

৪. ইয়াৰ উপৰিও বেংকত পৰ্যাপ্ত নথি-পত্ৰ জমা নিদিয়াৰ বাবে বন্ধ কৰি দিয়া হ'ব বহু একাউন্ট। বেংক অব বড়োদা সহিতে বিজয়া বেংক আৰু দেনা বেংকতো প্ৰযোজ্য কৰা হৈছে এই নিয়ম।