শোকাৱহ! ৰচিবলৈ নাপালে সোণৰ সংসাৰ, বিয়াৰ দিনাই মৃত্যুক সাৱটিলে কইনাই

চিকিত্‍সাৰ অবিহনেই মৃত্যুমুখত পৰে বিনীতা

শোকাৱহ! ৰচিবলৈ নাপালে সোণৰ সংসাৰ, বিয়াৰ দিনাই মৃত্যুক সাৱটিলে কইনাই
NEWZNOW
NEWZNOW

June 28,2020 03:59

নিজৰ বিয়াৰ দিনাই কৰুণ মৃত্যুক সাৱটিলে এগৰাকী কইনাই। কইনাক নিবলৈ দৰাও আহি উপস্থিত হৈছিল কইনাগৃহত। চাৰিওফালে আনন্দ-উলাহ। নিয়ম-নীতিও চলি আছে বিবাহৰ। কিন্তু তাৰমাজতে ঘটিল অঘটন। ১৯ বছৰীয়া বিনীতা নামৰ কইনাগৰাকী হঠাতে অসুস্থ হৈ পৰে।

 

অসুস্থ বিনীতাক ততাতৈয়াকৈ পৰিয়ালৰ লোকে হাস্পতাললৈ লৈ যায় কিন্তু কৰ্তৃপক্ষই হাস্পতালত যুৱতীগৰাকীক ভৰ্তি কৰিবলৈ নিদিলে । যুৱতীগৰাকীৰ ক'ৰোনাৰ ৰিজাল্ট নিগেটিভ নহালৈকে হাস্পতাল ভৰ্তি কৰাব নোৱাৰো বুলি কয় হাস্পতাল কৰ্তৃপক্ষই।

 

ইফালে স্বাস্থ্যৰ অধিক অৱনতি ঘটে বিনীতাৰ। চিকিত্‍সাৰ অবিহনেই মৃত্যুমুখত পৰে বিনীতা। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কনৌজত। কনৌজৰ ভৰতপুৰৰ বাসিন্দা ৰাজকিশোৰৰ ১৯ বছৰীয়া কন্যা বিনীতাৰ বিয়া ঠিক কৰা হৈছিল কানপুৰৰ দেহাত জিলাৰ সন্তোষ নামৰ এজন লোকৰ পুত্ৰ সঞ্জয়ৰ সৈতে।

 

যিগৰাকী পিতৃৱে নিজৰ কন্যাক কন্যাদান কৰি এখন ঘৰলৈ উলিয়াই দিয়াৰ সপোন দেখিছিল, সেইগৰাকী পিতৃয়ে কন্যাৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ নিবলগীয়া হ’ল। এই ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

 

আনহাতে ক'ৰোনাৰ সন্ত্ৰাসৰ বাবে অন্য ৰোগত আক্ৰান্ত লোকসকলে কিমান যে অসুবিধাৰ সন্মুখীন হৈছে এই কথাই তাকেই প্ৰমাণ কৰে।