Fact Check:অৰ্ন্তবাস পৰিহিত এই মহিলা গৰাকী ছোনিয়া গান্ধী নহয় ....

ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা ফটো খনৰ মহিলা গৰাকী ছোনিয়া গান্ধী নহয়, এগৰাকী অভিনেত্ৰীহে ...

Fact Check:অৰ্ন্তবাস  পৰিহিত এই মহিলা গৰাকী ছোনিয়া গান্ধী নহয় ....
NEWZNOW
NEWZNOW

June 26,2020 09:39

বিগত দুটা দিনৰ পৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এখন বিশেষ ফটো । ফটো খনত দুজন পুৰুষৰ সৈতে আছে অৰ্ন্তবাস পৰিহিত এগৰাকী মহিলা । সাম্প্ৰতিক ফটো খনত থকা এই মহিলা গৰাকী কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী বুলি প্ৰচাৰ চলি আছে । হাজাৰ হাজাৰ ফেচবুক আৰু টুইটাৰ ব্যৱহাৰকাৰীয়ে এই ফটো খন নিজ নিজ একাউণ্টত আপলোড কৰি বিভিন্ন কেপচনসহ ব্যাপক ৰূপে প্ৰচাৰ কৰি থকা দেখা গৈছে । কিন্তু ফটো খনৰ fact check কৰোতে দেখা গৈছে যে, ফটো খনত থকা মহিলা গৰাকী ছোনিয়া গান্ধী নহয় ।

ফটো খনত থকা অৰ্ন্তবাস পৰিহিত মহিলা গৰাকী আচলতে হৈছে ছুইজাৰলেণ্ডৰ এগৰাকী অভিনেত্ৰীহে । অভিনেত্ৰী গৰাকীৰ নামৰ হৈছে Ursula Andress আৰু ভাইৰেল হৈ পৰা ফটো খন হৈছে জেমছ বণ্ডৰ চিৰিজ ' Dr. No' ৰ এটা দৃশ্যাংশ । Ursula Andress য়ে এই চিৰিজ খনত কৰা অভিনয়ৰ বাবে তেওঁক “Honey Ryder” বুলি জনা যায় । সেয়ে এই কথা স্পষ্ট যে, ছচিয়েল মিডিয়াত ছোনিয়া গান্ধী বুলি ভাইৰেল থকা মহিলা গৰাকী কোনো কাৰণতে ছোনিয়া গান্ধী নহয় । এয়া মাথো একাংশ লোকৰ অপপ্ৰচাৰহে ।