আজি পৱিত্ৰ ঈদ-উজ-জোহা

আজিৰ দিনটোক ত্যাগৰ প্ৰতীক হিচাপে ইছলামধৰ্মী লোকসকলে পালন কৰে

আজি পৱিত্ৰ ঈদ-উজ-জোহা
NEWZNOW
NEWZNOW

August 1,2020 10:26

আজি পৱিত্ৰ ঈদ-উজ-জোহা। সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে এই উৎসৱ। ক'ৰোনাৰ সংকটকালৰ বাবে এইবাৰ ঈদ-উজ-জোহাত আগৰদৰে ব্যাপক উৎসাহ-উল্লাস কৰাৰ পৰা বঞ্চিত হ'ল ইছলামধৰ্মী লোক।

 

ধৰ্মীয় বিশ্বাস অনুসৰি আল্লাৰ একান্ত সেৱক নবী ইব্ৰাহিম খলিল উল্লাহে আল্লাৰ নিৰ্দেশ মানি প্ৰিয় পুত্ৰক কুৰবানী দিবলৈ প্ৰস্তুত হৈছিল। এই কথাত আল্লা সন্তুষ্ট হৈ পুত্ৰৰ সলনি এটা বকৰি বা ছাগলী কুৰবানী দিবলৈ কয়। সেই স্মৃতি সুঁৱৰিয়ে বিশ্বজুৰি আজিৰ দিনটোক ত্যাগৰ প্ৰতীক হিচাপে ত্যাগৰ উৎসৱ পবিত্ৰ ঈদ-উজ-জোহা উদযাপন কৰা হয়।

 

ক'ৰোনাই সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে প্ৰশাসনে জাৰি কৰা নীতি-নিয়মৰ মাজেৰে সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন স্থানত নামাজ আদায় কৰি ঈদ-উজ-জোহা উদযাপিত হৈছে।