জম্মু-কাশ্মীৰত নিহত হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ, ডোডা জিলাক সন্ত্ৰাসবাদ মুক্ত ঘোষণা আৰক্ষীৰ

জম্মু-কাশ্মীৰৰ অনন্তনাগত আজি পুৱা নিৰাপত্তাক্ষীয়ে তিনিগৰাকীকৈ সন্ত্ৰাসবাদীক নিহত কৰে ।

জম্মু-কাশ্মীৰত নিহত হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ, ডোডা জিলাক সন্ত্ৰাসবাদ মুক্ত ঘোষণা আৰক্ষীৰ
NEWZNOW
NEWZNOW

June 29,2020 12:18

জম্মু-কাশ্মীৰৰ অনন্তনাগত পুৱা সেনাই নিহত কৰে তিনিগৰাকীকৈ সন্ত্ৰাসবাদীক । আৰক্ষীৰ তৰফৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অনন্তনাগৰ কুলচহৰ এলেকাত আৰম্ভ হৈছিল সংঘৰ্ষ । 

 

মৃত্যু হোৱা সন্ত্ৰাসবাদী তিনিটাৰ দুটা লস্কৰ ই তৈবাৰ আৰু এটা হিজবুল মুজাহিদীনৰ কামাণ্ডাৰ মচুদ আহমদ ভট্ট । 

 

আৰক্ষীৰ মতে, মচুদ আহমদ একমাত্ৰ সন্ত্ৰাসবাদী আছিল ডোডা জিলাত । তেনেস্থলত মচুদৰ মৃত্য়ুৰ পাচত বৰ্তমানে অঞ্চলটোক সন্ত্ৰাসবাদ মুক্ত বুলি দাবী কৰা হৈছে । 

 

সন্ত্ৰাসবাদীকেইটাৰ পৰা AK47সহ বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে । বৰ্তমানে সংঘৰ্ষৰ অন্ত পৰিছে যদিও অব্যাহত আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান ।