ৰাম মন্দিৰ নিৰ্মাণকলৈ সুখী মুছলমান যুৱতী, হাতত পাৰ্মানেণ্ট টাটু বনাই লিখিলে ‘শ্ৰী ৰাম’

ৰাম ভক্ত মুছলমান যুৱতীগৰাকীৰ নাম ইক্ৰা খান

ৰাম মন্দিৰ নিৰ্মাণকলৈ সুখী মুছলমান যুৱতী, হাতত পাৰ্মানেণ্ট টাটু বনাই লিখিলে ‘শ্ৰী ৰাম’
NEWZNOW
NEWZNOW

August 1,2020 02:23

ভাৰতভূমি হিন্দু-মুছলমানৰ মিলনক্ষেত্ৰ। যুগে যুগে এই দুই ধৰ্মাৱলম্বী লোকে সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই আহিছে। এইবাৰ পুনৰ হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰিলে এগৰাকী যুৱতীয়ে। ৫ আগষ্টত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে হ’ব ভূমি পূজন। আহি আছে বহু প্ৰতীক্ষিত দিনটো।

 

অযোধ্যাত পূৰ্ণগতিত চলিছে ভূমিপূজনৰ প্ৰস্তুতি। এই দিনটোলৈ আগ্ৰহেৰে ৰৈ আছে সমগ্ৰ দেশবাসী। তাৰ মাজতে বাৰানসীৰ এগৰাকী মুছলমান যুৱতীয়ে দেখুৱালে সমন্বয়ৰ নিদৰ্শন। অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনকলৈ সুখী এগৰাকী মুছলমান যুৱতীয়ে হাতত টাটুৰ আকাৰে লিখি ললে ‘শ্ৰী ৰাম’। ৰাম ভক্ত মুছলমান যুৱতীগৰাকীৰ নাম ইক্ৰা খান।

ইক্ৰাৰ সপোন আছিল যে, অযোধ্যত নিৰ্মাণ হওক ৰাম মন্দিৰ। সেই সপোন পূৰণ হোৱাত আৰু ভূমি পূজনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত নিজ হাতত তেওঁ স্থায়ীকৈ লিখি ল'লে  ‘শ্ৰী ৰাম’। যুৱতীগৰাকীৰ মহানুভৱতা দেখি টাটু নিৰ্মাতাগৰাকীয়ে ইক্ৰা খানক বিনামূলীয়াকৈ পাৰ্মানেণ্ট টাটু বনাই দিয়ে। ইক্ৰা খানৰ এই কাৰ্যই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে।