অৰুণাচলৰ চাংলাঙত অস্ত্ৰসহ আটক আলফা স্বাধীনৰ চাৰি সদস্য়ক ...

অসম ৰাইফলচৰ ৬ নং আৰু ৯ নং বেটেলিয়ানে আটক কৰে আলফা স্বাধীনৰ সদস্যককেইগৰাকীক

অৰুণাচলৰ চাংলাঙত অস্ত্ৰসহ আটক আলফা স্বাধীনৰ চাৰি সদস্য়ক ...
NEWZNOW
NEWZNOW

June 26,2020 05:55

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ চাংলাঙত আলফা স্বাধীনৰ বিৰুদ্ধে চলাই অসম ৰাইফলচৰ ৬ নং আৰু ৯ নং বেটেলিয়ানে অস্ত্ৰসহ আটক কৰে চাৰি আলফা স্বাধীনৰ সদস্যক

 

ডিনজানৰ সেনা চোৰাংচোৱাৰ খবৰৰ ভিত্তি অভিযান চলাই ম্যানমাৰৰ শিবিৰৰ পৰা পলাই অহা চাৰি আলফা স্বাধীনৰ সদস্যক অস্ত্ৰসহ আটক কৰে বেটেলিয়ানৰ দলটোৱে । লগতে আলফা সদস্য কেইজনৰ পৰা দুটা আমেৰিকাত নিৰ্মিত পিষ্টল আৰু এটা চীনত নিৰ্মিত পিষ্টল আৰু কেইবাটাও মেগাজিন আৰু সঁজীৱ গুলী উদ্ধাৰ কৰে ৷

 

ABP162 ভাৰত ম্যানমাৰ সীমান্ত চকী পাৰ হওতে অসম ৰাইফলচৰ অভিযানকাৰী দলে আটক কৰে আলফা স্বাধীনৰ সদস্যকেইজনক ৷ আটকাধীন আলফা স্বাধীনৰ সদস্য কেইজন হৈছে তিনিচুকীয়াৰ কঠালগুৰিৰ ছাজেন্ট মেজৰ টিখেশ্বৰ মৰাণ ওৰফে অৰ্জুন অসম, লখিমপুৰৰ ঢকুৱাখনাৰ চাজেন্ট অৰূপ দুৱৰা ওৰফে আসন অসম, মাৰ্ঘেৰিটাৰ চাজেন্ট সুৰজিত দুৱৰা ওৰফে খামন অসম পেঙেৰীৰ ছাজেন্ট জিন্টু অসম ।