নাগালেণ্ডৰ প্ৰথমগৰাকী ক'ৰোনা ৰোগীৰ মৃত্যু

নাগালেণ্ডৰ ক'ৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমান ১২৩৭ গৰাকীলৈ বৃদ্ধি পাইছে

নাগালেণ্ডৰ প্ৰথমগৰাকী ক
NEWZNOW
NEWZNOW

July 25,2020 11:02

দেশজুৰি অব্যাহত আছে ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ। নাগালেণ্ডতো ক'ৰোনাই ধাৰণ কৰিছে সংহাৰী ৰূপ। নাগালেণ্ডৰ প্ৰথমগৰাকী ক'ৰোনা ৰোগীৰ ডিমাপুৰ চিকিৎসালয়ত আজি মৃত্যু হয় ।

 

জানিব পৰা মতে ডিমাপুৰ কালিপুৰৰ ৭৮ বছৰীয়া লোকজনক যোৱা ২২ জুলাইত জিয়ন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত তেওঁক ডিমাপুৰ হাস্পতাললৈ হস্তান্তৰ কৰা হৈছিল কিন্তু আজি তেওঁৰ মৃত্যু হয় ।

 

নাগালেণ্ডৰ ক'ৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমান ১২৩৭ গৰাকীলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে নাগালেণ্ড চৰকাৰে ক'ৰোনাই গণ সংক্ৰমণৰ ৰূপ লোৱাৰ শংকা কৰি ডিমাপুৰ আৰু ক’হিমাত ২৩ জুলাই পৰা ২ আগষ্টলৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ।