মধ্যপ্ৰদেশৰ ৰাজ্যপাল,বিজেপি দলৰ জ্যেষ্ঠ নেতা লালজী টেণ্ডনৰ দেহাৱসান

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ

মধ্যপ্ৰদেশৰ ৰাজ্যপাল,বিজেপি দলৰ জ্যেষ্ঠ নেতা লালজী টেণ্ডনৰ দেহাৱসান
NEWZNOW
NEWZNOW

July 21,2020 10:44

মধ্যপ্ৰদেশৰ ৰাজ্যপাল তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা লালজী টেণ্ডনৰ দেহাৱসান। বিগত কিছুদিন ধৰি ৰোগত ভুগি আছিল লালজী। মৃত্যুৰ সময়ত কেইবাদিনো ধৰি লক্ষ্ণৌৰ মেদান্তা হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় নেতাজনে।

 

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। উল্লেখ্য যে হাস্পতালত ভৰ্তি থকাৰ বাবে মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ কাৰ্যভাৰৰ দ্বায়িত্বত আছিল আনন্দীবেন পেটেল।

 

লালজী টেণ্ডনৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ। অন্য বহু নেতাই লালজী টেণ্ডনৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। লালজীৰ বিয়োগত উত্তৰপ্ৰদেশত তিনিদিনলৈ ৰাজকীয় শোক ঘোষণা কৰা হৈছে।