মণিপুৰত ৰাজনৈতিক অস্থিৰতা, দোধোৰ-মোধোৰত বিজেপি চৰকাৰ ...

ক'ৰোনাতংকৰ মাজতে মণিপুৰত হঠাত্ ৰাজনৈতিক পট পৰিৱৰ্তন । ৯ গৰাকী বিধায়কে ত্যাগ এন ডি এ চৰকাৰ ।

মণিপুৰত ৰাজনৈতিক অস্থিৰতা, দোধোৰ-মোধোৰত বিজেপি চৰকাৰ ...
NEWZNOW
NEWZNOW

June 19,2020 04:38

মুখ্যমন্ত্ৰী বীৰেণ সিং নেতৃত্বাধীন মণিপুৰৰ বিজেপি চৰকাৰৰ প্ৰতি আহি পৰিছে ভাবুকি । বিজেপিৰ তিনিগৰাকী বিধায়কৰ লগতে মিত্ৰজোঁট এন পি পিৰ ৪ গৰাকী বিধায়ক আৰু ক্ৰমে তৃণমূল কংগ্ৰেছ, নিৰ্দলীয় এগৰাকীকৈ বিধায়কে এন ডি এ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাচতে এতিয়া মণিপুৰত লাগিছে হাহাকাৰ ।উপ মুখ্যমন্ত্ৰী ৱাই জয় কুমাৰ সিঙৰ লগতে কেবিনেট মন্ত্ৰীৰ দায়িত্বত থকা এন পি পিৰ আটাইকেইন বিধায়কেই নিজৰ সমৰ্থন উঠাই লোৱাৰ পাচতে সংকটচত পৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনলৈ ।

 

লগে লগে বিজেপিৰ এনে প্ৰত্যাহ্বানৰ সুযোগ গ্ৰহণ কৰিবলৈ টঙালী বান্ধিছে কংগ্ৰেছে । ইতিমধ্যে কংগ্ৰেছে ৰাজ্যপালৰ ওচৰত বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ জৰিয়তে বিধানসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ সাজু হৈছে কংগ্ৰেছ । কিয়নো বৰ্তমানে মুঠ ৬০ খন আসনৰ ভিতৰত মাত্ৰ ১৮ খন আসনতহে আছে বিজেপি বিধায়ক ।

 

ইপিনে বিজেপিৰ ওলাই অহা তিনিগৰাকী বিধায়কে ইতিমধ্যে যোগদান কৰিছে কংগ্ৰেছত । যাৰ বাবে এতিয়া কংগ্ৰেছৰ বাবে মণিপুৰৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে ।

 

উল্লেখ্য যে,বহু দিনৰ আগৰে পৰা মণিপুৰত মিত্ৰজোঁট চৰকাৰ অন্তকন্দলত ভুগিছিল । পৰৱৰ্তী সময়ত কেন্দ্ৰীয় নেতৃত্বই বিবাদ মীমাংসা কৰিছিল যদিও বিগত ৯ এপ্ৰিলত উপমুখ্যমন্ত্ৰী ৱাই জয় কুমাৰ সিঙৰ পৰা পৰিৱেশ, জলবায়ু পৰিৱৰ্তনকে ধৰি আটাইকেইটা বিভাগ নিজৰ হাতলৈ আনিছিল মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে । তাৰ মাজতে ৰাজ্যসভাৰ নিৰ্বাচন হৈ যোৱাৰ পাচত তেওঁলোকক কেবিনেট মন্ত্ৰী পদৰ পৰাও অপসাণ কৰাৰ ষড়যন্ত্ৰ চলি আছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৱাই জয় কুমাৰ সিঙে ।