লাডাখ সম্পৰ্কত মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে ক'লে,ভাৰতৰ ভূমিত চকু দিয়াসকলক ...

মন কি বাত অনুষ্ঠানত চীন সৈতে বৃদ্ধি হোৱা বিবাদ আৰু সংঘাত সম্পৰ্কত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ।

লাডাখ সম্পৰ্কত মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে ক
NEWZNOW
NEWZNOW

June 28,2020 03:18

মন কি বাত অনুষ্ঠানত চীন সৈতে বৃদ্ধি হোৱা বিবাদ আৰু সংঘাত সম্পৰ্কত মন্তব্য প্ৰকাশ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । উক্ত অনুষ্ঠানত লাডাখত ভাৰতৰ পিনে চকু দিয়াসকলে উচিত প্ৰত্যুত্তৰ লাভ কৰিছে বুলি প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ । লগতে তেওঁ উল্লেখ কৰে, ভাৰতে মিত্ৰতা ৰাখিবলৈও জানে আৰু চকুত চকু দি প্ৰত্যাহ্বান জনাবলৈও জানে ।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে, দেশৰ হৈ প্ৰাণ আহুতি দিবলৈ কুন্ঠাবোধ নকৰা আমাৰ বীৰ জোৱানসকলৰ পৰিয়াল যেনেদৰে দেশৰ প্ৰতি দায়িত্বশীল সেয়াই হৈছে আমাৰ শক্তি ।

 

নিজৰ সীমা ৰক্ষাৰ বাবে ভাৰতৰ প্ৰতিবদ্ধতা বিশ্বই দেখিছে । লাডাখত যাৰ যাৰ চকু পৰিছে তেওঁলোকক ভাৰতে ইতিমধ্যে কঠোৰ প্ৰত্যুত্তৰ দিছে । দেশে এতিয়া চুবুৰীয়া ৰাষ্ট্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে ।

 

উল্লেখ্য যে, ক'ৰোনাতংকৰ মাজতে চুবুৰীয়া দুই ৰাষ্ট্ৰই ভাৰতৰ সীমান্তত আক্ৰমণাত্মক নীতি গ্ৰহণ কৰি আছে । এফালে ভাৰত চীনৰ মাজত সংঘাত, পাকিস্তানৰ বাৰম্বাৰ যুদ্ধ বিৰতি উলংঘন আৰু অন্যহাতে নেপালৰ সৈতেও ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে ।