ক’ৰোনাই প্ৰাণ কাঢ়িলে তৃণমূল কংগ্ৰেছৰ বিধায়ক তমোনাশ ঘোষৰ

ফাল্টা সমষ্টিত তৃণমূল কংগ্ৰেছৰ পৰা তিনিবাৰৰ বিধায়ক হৈছিল তমোনাশ ঘোষ

ক’ৰোনাই প্ৰাণ কাঢ়িলে তৃণমূল কংগ্ৰেছৰ বিধায়ক তমোনাশ ঘোষৰ
NEWZNOW
NEWZNOW

June 24,2020 04:16

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়কে। পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক তমোনাশ ঘোষৰ বুধবাৰে মৃত্যু হয় ।

 

মৃত্যুৰ সময়ত বিধায়কগৰাকীৰ বয়স হৈছিল ৬০ বছৰ । মে' মাহত তমোনাশ ঘোষৰ দেহত ধৰা পৰিছিল ক’ৰোনা। ফাল্টা সমষ্টিত তৃণমূল কংগ্ৰেছৰ পৰা তিনিবাৰৰ বিধায়ক হৈছিল তমোনাশ ঘোষ।

 

উল্লেখ্য যে, বিগত প্ৰায় ৩৫টা বছৰ বিধায়ক ঘোষ তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত আছিল। বিধায়কগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।