বুঢ়ীগংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা, ৩০ জনৰ সলিল সমাধি

দুৰ্ঘটনাগ্ৰস্ত নাৱখনত ১০০ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিছিল

বুঢ়ীগংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা, ৩০ জনৰ সলিল সমাধি
NEWZNOW
NEWZNOW

June 29,2020 05:31

বাংলাদেশৰ বুঢ়ীগংগা নদীত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। এই নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩০জনকৈ যাত্ৰীয়ে। এখন নাৱে অন্য এখন নাৱত খুন্দা মৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

 

উদ্ধাৰকাৰী দলে এতিয়ালৈ ১৯ গৰাকী পুৰুষ, ৮ গৰাকী মহিলা আৰু তিনিটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

 

সোমবাৰে ৰাতিপুৱা প্ৰায় ৯.৩০ বজাত মুঞ্চিগঞ্জৰ পৰা ঢাকা অভিমুখে আহি থকা মৰ্ণি বাৰ্ড নামৰ এখন নাৱক ময়ুৰ-২ নামৰ অন্য এখন নাৱে খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। বাংলাদেশৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে ময়ুৰ-২ নামৰ দুৰ্ঘটনা সংঘটিত নাৱখন আটক কৰে যদিও নাৱখনৰ কেপ্তেইন আৰু অন্যান্য কৰ্মীসকলে পলায়ন কৰিবলৈ সক্ষম হয়।

 

বাংলাদেশ আভ্যন্তৰীণ জল পৰিবহন বিভাগে দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰি দিছে আৰু কমিটিক দুৰ্ঘটনাৰ বিষয়ে ৰিপোৰ্ট দাখিলৰ নিৰ্দেশ দিছে। স্থানীয় আৰক্ষীয়ে উল্লেখ কৰা মতে, দুৰ্ঘটনাগ্ৰস্ত নাৱখনত ১০০ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিছিল।

 

এই শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ বাংলাদেশতে পেলাইছে শোকৰ ছাঁ।