PM Cares Fundলৈ চীনা কোম্পানীৰ কোটি টকাৰ অনুদান

Xiaomi,Huawei,One Plus,Oppo,TikTokএ আগবঢ়ালে অনুদান

PM Cares Fundলৈ চীনা কোম্পানীৰ কোটি টকাৰ অনুদান
NEWZNOW
NEWZNOW

June 29,2020 06:03

ক'ৰোনা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গঠন কৰিছিল PM Cares Fund। দেশবাসী সহিতে বহু উদ্যোগপতি, তাৰকা মহাতাৰকাই আগবঢ়াইছিল অনুদান। বিশ্বৰ বিভিন্ন দেশেও আগবঢ়াইছে অনুদান। কিন্তু এইবাৰ কোটি টকাৰ অনুদান আগবঢ়াই চমক সৃষ্টি কৰিলে চীনৰ কেইটামান প্ৰতিষ্ঠিত কোম্পানীয়ে। ইয়াৰে ভিতৰত Xiaomiএ আগবঢ়াই ১০ কোটি, Huawei আগবঢ়াই ৭ কোটি, One Plusএ ১ কোটি, Oppoই ১কোটি আৰু TikTokএ আগবঢ়াই ৩০ কোটি টকাৰ অনুদান।

 

 

ইপিনে চীনৰ কোম্পানীয়ে ভাৰতলৈ আগবঢ়োৱা অনুদানক ৰাজনৈতিক প্ৰলেপ দিয়াৰ চেষ্টা চলাইছে কংগ্রেছে। কিয়নো কিছুদিন পূৰ্বে বিজেপিয়ে ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনক চীনৰ দূতাবাসে দিয়া অনুদানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। সেইবাবে এইবাৰ কংগ্রেছ নেতা ডি. কে. শিৱকুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নিক্ষেপ কৰে প্ৰশ্ন। লগতে নৰেন্দ্ৰ মোদীয়ে এই প্ৰশ্নৰ উত্তৰ দিবনে বুলিও প্ৰশ্ন কৰে নেতা গৰাকীয়ে।