ৰাজ্যসভাৰ সাংসদ অমৰ সিঙৰ দেহাৱসান

অমৰ সিং ছিংগাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল

ৰাজ্যসভাৰ সাংসদ অমৰ সিঙৰ দেহাৱসান
NEWZNOW
NEWZNOW

August 1,2020 05:12

এক দুঃখবৰ। ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট ৰাজনীতিবিদ অমৰ সিঙে শনিবাৰে মৃত্যুক সাৱটি লয়। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত দেহাৱসান ঘটে সমাজবাদী পাৰ্টীৰ প্ৰাক্তন নেতাজনৰ।

 

অসুস্থতাৰ হেতু অমৰ সিং ছিংগাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ দ্বিগজ নেতাসমূহৰ ভিতৰত অন্যতম অমৰ সিং। বৰ্তমান উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ ৰাজনীতিৰ পথাৰখনত সক্ৰিয় হৈ আছিল।

 

অমৰ সিঙৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৪ বছৰ। সাংসদ অমৰ সিঙৰ মৃত্যুত সমগ্ৰ উত্তৰ প্ৰদেশৰ লগতে ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে।