দেশৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসমৰ মনালিছা বৰুৱা মেহতা

দেশৰ খেলৰ এই গুৰুত্বপূৰ্ণ কমিটীখনত অসমৰ খেলুৱৈ এগৰাকীয়ে স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে উত্তৰ-পূৱৰ ক্ৰীড়াপ্ৰেমী

দেশৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসমৰ মনালিছা বৰুৱা মেহতা
NEWZNOW
NEWZNOW

August 1,2020 04:31

অসমলৈ আহিছে এক সুখবৰ। ২০২০ চনৰ ভাৰতবৰ্ষৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচন কৰিবলগীয়া কমিটীত স্থান লাভ কৰিছে অসমৰ প্ৰথমগৰাকী অৰ্জুন বটা বিজয়ী খেলুৱৈ পেডলাৰ মনালিছা বৰুৱা মেহতাই। দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ে গঠন কৰি দিয়ে এই কমিটীখন। দেশৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন এই কমিটি।

 

হকীৰ যাদুকৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে ২৯ আগষ্টৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত পুৰস্কাৰ সমুহ প্ৰদান কৰা হয়। দেশৰ খেলৰ এই গুৰুত্বপূৰ্ণ কমিটীখনত অসমৰ খেলুৱৈ এগৰাকীয়ে স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে উত্তৰ-পূৱৰ ক্ৰীড়াপ্ৰেমী। কমিটীখনত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুকণ্ডকা শৰ্মাই অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে।

 

আনহাতে কমিটীখনৰ সদস্য-সদস্যাসকল হ’ল ক্ৰমে অসমৰ পৰা দুবাৰকৈ ১৯৮২, ১৯৮৬ চনৰ এছিয়ান গেমছ খেলা টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা, টীম ইণ্ডিয়াৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ, টীম ইণ্ডিয়া হকীৰ প্ৰাক্তন অধিনায়ক চৰ্দাৰ সিং, পেৰা এথলেটিকছৰ দীপা মালিক, বক্সিঙৰ ৱেংকটেশন দেৱৰাজন, ক্ৰীড়া ধাৰাভাষ্যকাৰ মনীষ বাটাভিয়া, ক্ৰীড়া সাংবাদিক আলোক সিনহা আৰু নীৰু ভাটিয়া।

 

ছাইৰ সঞ্চালক প্ৰধান সন্দীপ প্ৰধান, ক্ৰীড়া মন্ত্ৰণালয়ৰ যুটীয়া সচিৱ এল এছ সিং আৰু টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰাজেশ ৰাজাগোপালো আছে খেলৰ পুৰস্কাৰ নিৰ্বাচনী কমিটীখনত।