যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে বিৰাট কোহলি,তামান্না ভাটিয়া !

বিৰাট আৰু তামান্নাৰ গ্ৰেপ্তাৰৰ দাবী তুলিছে চেন্নাইৰ এগৰাকী অধিবক্তাই

যিকোনো সময়ত গ্ৰেপ্তাৰ হ
NEWZNOW
NEWZNOW

August 1,2020 11:05

ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলি আৰু মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া যিকোনো মূহুৰ্ততে হ'ব পাৰে গ্ৰেপ্তাৰ। এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে দুই তাৰকাৰ বিৰুদ্ধে।

 

অনলাইন জুৱা ছাইটৰ এক বিজ্ঞাপনত অংশগ্ৰহণ কৰাৰ অভিযোগত বিৰাট আৰু তামান্নাক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলি চেন্নাইৰ এগৰাকী অধিবক্তাই মাদ্ৰাজ হাইকোৰ্টত আবেদন দাখিল কৰিছে।

 

অনলাইন জুৱাত সৰ্বস্বান্ত হৈ এজন ১৮ বছৰীয়া যুৱকে আত্মহত্যা কৰাৰ পাছতেই সৰৱ হৈ উঠিছে সচেতন লোক। যুৱ সম্প্ৰদায়ৰ এক বৃহৎ অংশই এই জুৱাৰ কবলত পৰি সৰ্বস্বান্ত হৈছে। অনলাইন জুৱাৰ বিজ্ঞাপনত অংশ গ্ৰহণ কৰি যুৱ সম্প্ৰদায়ক ধ্বংসৰ পথলৈ যোৱাত বিৰাট-তামান্নাই উৎসাহিত কৰা বুলি অভিযোগ তুলিছে অধিবক্তাগৰাকীয়ে।

 

আদালতে অহা মঙলবাৰে গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে। অভিযোগ প্ৰমাণিত হ’লে যিকোনো সময়তে বিৰাট কোহলি আৰু তামান্না ভাটিয়া গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব পাৰে।