WWEৰ ৰিঙত আৰু দেখিবলৈ পোৱা নাযাব ছুপাৰ ষ্টাৰ অণ্ডাৰটেকাৰৰ যাদু

৩টা দশকজুৰি ৰিঙত দপদপাই থকা টেকাৰে ল'লে সন্যাস

WWEৰ ৰিঙত আৰু দেখিবলৈ পোৱা নাযাব ছুপাৰ ষ্টাৰ অণ্ডাৰটেকাৰৰ যাদু
NEWZNOW
NEWZNOW

June 27,2020 07:11

অণ্ডাৰটেকাৰ কেবল এটা নাম নহয় ৮০-৯০ দশকৰ লোকসকল তথা WWE প্ৰেমী সকলৰ বাবে ই হ'ল এটা আবেগ। WWE ৰিঙৰ সবাতোকৈ শক্তিশালী যুঁজাৰুৰ তালিকাত অন্তৰ্ভুক্ত এগৰাকী জনপ্ৰিয় তাৰকা হ'ল অণ্ডাৰটেকাৰ। যিগৰাকীৰ মল্লযুঁজৰ যাদু চাবলৈ অধিৰ আগ্ৰহেৰে টেলিভিছনৰ আগত অপেক্ষা কৰিছিল বহু অনুৰাগীয়ে। ১৯৯০ চনত কেৰিয়াৰ আৰম্ভ কৰা সেইগৰাকী চুপাৰ ষ্টাৰে কিছুদিন পূৰ্বে প্ৰ'ফেছনেল ৰেচলিঙৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰে।

 

 

এই খবৰ লাভ কৰাৰ পিছতেই অনুৰাগীয়ে টুইটাৰত #ThankYouTaker হেছটেগ ব্যৱহাৰ কৰি ৩০ বছৰে বিশ্ববাসীক দিয়া মনোৰঞ্জনৰ বাবে ধন্যবাদ জনায় খেলুৱৈ গৰাকীক। ৩টা দশকজুৰি 'ডেডমেন' নামেৰে জনপ্ৰিয়তা অৰ্জন কৰা অণ্ডাৰটেকাৰৰ শেষৰখন মেছ ৰেছলমেনিয়া ৩৬ত আছিল য'ত তেওঁ এজে ষ্টাইলছৰ বিৰুদ্ধে খেলিছিল আৰু বিজয়ী হৈ ৰিঙৰ পৰা উভতিছিল। টেকাৰে ৩ দশকৰ কেৰিয়াৰক বিজয়ী হৈ সন্যাস লৈ সঠিক সিদ্ধান্ত লোৱা বুলি মতপোষণ কৰে।