পাকিস্তান ক্ৰিকেট দলক প্ৰচণ্ড কোব শোধাইছে ক'ৰোনাই! আক্ৰান্ত ১০ জন ক্ৰিকেটাৰ

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তান ক্ৰিকেট দলে ইংলেণ্ড ভ্ৰমণলৈ যাব নে নাযায়?

পাকিস্তান ক্ৰিকেট দলক প্ৰচণ্ড কোব শোধাইছে ক
NEWZNOW
NEWZNOW

June 24,2020 12:05

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদী ক'ৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই আকৌ পাকিস্তান ক্ৰিকেট দলৰ ১০গৰাকীকৈ সদস্যৰ দেহত ধৰা পৰিছে ক'ৰোনাৰ অৱস্থিতি। সোমবাৰে তিনিগৰাকী খেলুৱৈৰ দেহত কোভিড–১৯ৰ অৱস্থিতি পোৱাৰ পিছত মঙলবাৰে আক্ৰান্ত হয় আন ৭গৰাকী খেলুৱৈ।

 

বেটছমেন ফখৰ জামান, ইমৰাণ খান, কাছিফ ভট্টী, মহম্মদ হাফিজ, মহম্মদ হাছনেন, মহম্মদ ৰিজৱান আৰু ৱাহাব ৰিয়াজ আক্ৰান্ত হৈছে ক'ৰোনাত। সোমবাৰে হাৰিছ ৰউফ, ছাদাব খান আৰু হাইদৰ আলীৰ দেহত পোৱা গৈছিল কোভিড–১৯ পজিটিভ। অহা দেওবাৰে ইংলেণ্ড ভ্ৰমণলৈ ৰাওনা হোৱাৰ কথা দলটোৰ।

 

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তান ক্ৰিকেট দলে ইংলেণ্ড ভ্ৰমণলৈ যাব নে নাযায়? পিচিবিৰ চিইঅ’ ৱাছিম খানে স্পষ্ট কৰি দিছে যে পাকিস্তানৰ যিমানেই খেলুৱৈ ক'ৰোনা পজিটিভ নহওক কিয়, দল ইংলেণ্ড ভ্ৰমণলৈ যাব। এতিয়াও ১৬ জন খেলুৱৈ ক'ৰোনামুক্ত হৈ আছে। ৱাছিম খানে কয়, ‘পাকিস্তান দলৰ ইংলেণ্ড ভ্ৰমণ অব্যাহত থাকিব। ২৮ জুনত দলটো ইংলেণ্ডলৈ ৰাওনা হ’ব আৰু টেষ্ট ছিৰিজ খেলাৰ কথা ঘোষণা কৰিছে।