World No. 1 টেনিছ তাৰকা ন’ভাক জ’ক’ভিচৰ দেহত Covid-19

 ন’ভাক জ’ক’ভিচৰ পত্নী য়েলেনাৰ দেহতো পোৱা গৈছে ক’ৰোনাৰ অৱস্থিতি

World No. 1 টেনিছ তাৰকা ন’ভাক জ’ক’ভিচৰ দেহত Covid-19
NEWZNOW
NEWZNOW

June 24,2020 05:37

বিশ্বৰ টেনিছ চাঞ্চল্য ন’ভাক জ’ক’ভিচ আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাছত। বিশ্বৰ টেনিছ জগতৰ শীৰ্ষস্থানত অধিষ্ঠিত ছাৰ্বিয়ান তাৰকা ন’ভাক জ’ক’ভিচে নিজেই এই কথা ৰাজহুৱা কৰিছে।

 

ন’ভাকে ছাৰ্বিয়া আৰু ক্ৰ’ৱেছিয়াই আয়োজন কৰা টেনিছ টুৰ্ণামেণ্টত অংশ লৈছিল। ন’ভাক জ’ক’ভিচৰ পত্নী য়েলেনাৰ দেহতো পোৱা গৈছে ক’ৰোনাৰ অৱস্থিতি। অৱশ্যে তেওঁলোকৰ সন্তানৰ ক’ৰোনাৰ ৰিজাল্ট নিগেটিভ আহিছে।

 

টুৰ্ণামেণ্টত অংশ লোৱা কোনো খেলুৱৈ তথা দৰ্শকে সামাজিক দূৰত্বৰ নিয়ম মানি চলা নাছিল বুলি অভিযোগ উঠিছে। দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টুৰ্ণামেণ্টক লৈ সচেতন লোকে ক্ষোভ প্ৰকাশ কৰিছে।

 

উল্লেখ্য যে লকডাউনৰ নিয়ম শিথিল কৰাৰ পাছতেই ছাৰ্বিয়া আৰু ক্ৰ’ৱেছিয়াই আৰ্থিক সমস্যাত পৰা খেলুৱৈসকলৰ বাবে ধন সংগ্ৰহ কৰা লক্ষ্যৰে এই টুৰ্ণামেণ্টৰ আয়োজন কৰিছিল।