ৰাজ্যত যোৱা ২৪ ঘণ্টাত ক'ৰোনাত আক্ৰান্ত হ'ল ৫৪৮জন, ৮৯৫৫লৈ বৃদ্ধি ৰোগীৰ সংখ্যা

সুস্থ হৈ উঠিছে ৫৮৩১জন

ৰাজ্যত যোৱা ২৪ ঘণ্টাত ক
NEWZNOW
NEWZNOW

July 2,2020 10:47

ৰাজ্যত দিনকদিনে বৃদ্ধি পাইছে ক'ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিশেষকৈ গুৱাহাটীত ক'ৰোনাই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।

 

বুধবাৰে ৰাজ্যত মুঠ ৫৪৮জন লোক কোভিড–১৯ত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহে। ইয়াৰে ৩৭৮জন লোকেই গুৱাহাটীৰ। অসমত এতিয়ালৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮৯৫৫। ইতিমধ্যে সুস্থ হৈ উঠিছে ৫৮৩১জন।

 

বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে ৩১০৯জন ৰোগী আৰু ১২জন পৰিছে মৃত্যুমুখত।