নাবালিকা প্ৰেমিকাক পলুৱাই ৰঙাঘৰৰ আলহী হ'ল প্ৰেমিক যুৱক

নাবালিকাৰ পিতৃ-মাতৃয়ে প্ৰলোভন দি পলুৱাই নিয়া বুলি বইটামাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে

নাবালিকা প্ৰেমিকাক পলুৱাই ৰঙাঘৰৰ আলহী হ
NEWZNOW
NEWZNOW

July 2,2020 01:55

বঙাইগাঁৱৰ বইটামাৰীত নাবালিকাক পলুৱাই নি ৰঙাঘৰৰ আলহী হ'ল প্ৰেমিক যুৱক। চিৰাং জিলাৰ বাসুগাঁও থানাৰ অধীনৰ কালিপুখুৰীৰ ধনঞ্জয় বৰ্মন নামৰ যুৱক গৰাকীয়ে সংঘটিত কৰিছে এই আইন বিৰোধী কাৰ্য।

 

ধনঞ্জয় বৰ্মনে বইটামাৰীৰ শালবাৰী গাঁৱৰ নাবালিকা এগৰাকীক প্ৰেম সূত্ৰে পলুৱাই নিয়াৰ দাবী কৰাৰ বিপৰীতে নাবালিকাৰ পিতৃ-মাতৃয়ে প্ৰলোভন দি পলুৱাই নিয়া বুলি বইটামাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

 

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ধনঞ্জয় বৰ্মনৰ গৃহৰ পৰা দুয়োকে ইতিমধ্যে আটক কৰিছে ৷  লক্ষ্যণীয় যে ইয়াৰ পূৰ্বে নাবালিকাগৰাকীক ঘূৰাই আনিবলৈ পৰিয়ালৰ লোকে ধনঞ্জয় বৰ্মনৰ ঘৰত উপস্থিত হৈছিল যদিও তেওঁলোকক ভাবুকি প্ৰদান কৰি উভতাই পঠাই দিয়ে৷

 

পিছত উপায়ন্তৰ হৈ পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰে৷ আনহাতে প্ৰেমিক যুৱকৰ বিৰুদ্ধে ৪০৬/ ২০ নম্বৰত গোচৰ এটা ৰুজু কৰিছে আৰক্ষীয়ে৷