গৌৰৱপূৰ্ণ সময়ৰ সাক্ষীঃ ৰাফেল বিমানৰ পাইলটৰ বাবে বেজ প্ৰস্তুত অসমৰ যুৱকৰ

হিমালয়ান ঈগলৰ লগত সোণালী কাঁড় আৰু ভাৰতৰ জাতীয় পতাকাৰ সৈতে ৰাফেল বিমানৰ চিত্ৰ সন্নিৱিষ্ট কৰি সুন্দৰকৈ বেজ প্ৰস্তুত কৰিছে সৌৰভ চৌৰডিয়াই

গৌৰৱপূৰ্ণ সময়ৰ সাক্ষীঃ ৰাফেল বিমানৰ পাইলটৰ বাবে বেজ প্ৰস্তুত অসমৰ যুৱকৰ
NEWZNOW
NEWZNOW

July 30,2020 01:36

ফ্ৰান্সৰ পাঁচখনকৈ যুঁজাৰু বিমান ৰাফেলে ভাৰতবৰ্ষৰ ভূমিত অৱতৰণ কৰাৰ সময়তে আনন্দিত কৰি তুলিছে দেশবাসীক৷ ৫খন ৰাফেল বিমানৰ পাইলটৰ বাবে বেজ ( Patch ) প্ৰস্তুত কৰি ভাৰতবৰ্ষৰ বাবে গৌৰৱপূৰ্ণ মুহুৰ্তৰ সাক্ষী হ’ল বাসুগাঁৱৰ ২২ বছৰীয়া যুৱক ৷

 

সৰুৰে পৰাই ছবি আঁকি ভালপোৱা সৌৰভ চোৰোদিয়া নামৰ যুৱকজনৰ কৃৃতিত্বই আনন্দিত কৰি তুলিছে চিৰাঙবাসীৰ লগতে সমগ্ৰ অসমবাসীক। বাসুগাঁৱৰ ব্যৱসায়ী মনোজ চৌৰডিয়া আৰু সৰোজ দেৱী চৌৰডিয়াৰ কণিষ্ঠ পুত্ৰ সৌৰভ চৌৰডিয়াৰ সফলতাই আনন্দিত কৰি তুলিছে জিলাবাসীক৷ শেহতীয়াভাৱে ভাৰতৰ সৰ্বশক্তিমান যুদ্ধ বিমান ৰাফেলৰ লগত জড়িত হৈছে অসমৰ নাম৷ নতুন ৰাফেল যুদ্ধ বিমানৰ ৫জন পাইলটৰ বাবে বেজ প্ৰস্তুত কৰি উলিয়াইছে সৌৰভে৷

 

প্ৰায় এটা সপ্তাহৰ ভিতৰত Golden Arrow হিচাপে Patch design কৰিছে সৌৰভ ৷ ইয়াৰ পূৰ্বেও সৌৰভে Tejas Squadron , Surya Aerobatic team কে ধৰি বিভিন্ন Patch design কৰিবলৈ সক্ষম হৈছে ৷ হিমালয়ান ঈগলৰ লগত সোণালী কাঁড় আৰু ভাৰতৰ জাতীয় পতাকাৰ সৈতে ৰাফেল বিমানৰ চিত্ৰ সন্নিৱিষ্ট কৰি সুন্দৰকৈ বেজ প্ৰস্তুত কৰিছে৷

 

নয়ডা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতক সৌৰভ সম্প্ৰতি দিল্লীৰ এখন গেমিং প্ৰতিষ্ঠানত 3D Graphic Designer হিচাপে কাম কৰি আছে। সৌৰভে এইক্ষেত্ৰখনৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই৷

সৰুৰে পৰা বায়ু সেনাৰ চাকৰিৰ প্ৰতি আকৰ্ষিত হৈ অহা সৌৰভে ভাৰতবৰ্ষৰ এক গৌৰৱপূৰ্ণ মুহুৰ্তত এইদৰে অংশীদাৰ হ’বলৈ সক্ষম হোৱাত অতিশয় আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে৷