গণেশগুৰিত এম্বুলেঞ্চত পাচলি-কুকুৰা বিক্ৰী ! এম্বুলেঞ্চ জব্দ, ব্যৱসায়ী পলাতক

দিছপুৰ হাস্পতালৰ সমীপতে সংঘটিত হৈছে এই ঘটনা

 গণেশগুৰিত এম্বুলেঞ্চত পাচলি-কুকুৰা বিক্ৰী ! এম্বুলেঞ্চ জব্দ, ব্যৱসায়ী পলাতক
NEWZNOW
NEWZNOW

July 2,2020 03:34

ক'ৰোনা প্ৰকোপৰ বাবে গুৱাহাটীত ২৯ জুনৰ পৰা বলৱৎ হৈ আছে কঠোৰ লকডাউন। হাস্পতাল–ফাৰ্মাচী আৰু কিছু জৰুৰীকালীন সেৱাৰ বাদে দোকান–পোহাৰ, বজাৰ–সমাৰ সকলো বন্ধ। বন্ধ ৰখা হৈছে শাক-পাচলিৰ বিক্ৰীও।

 

বৃহস্পতিবাৰে গণেশগুৰিৰ মাজমজিয়াত লকডাউন ভংগ কৰি এখন এম্বুলেঞ্চত পাচলি আৰু কুকুৰা বিক্ৰী কৰি থকা হৈছিল। এম্বুলেঞ্চখনৰ নম্বৰ AS 01 JC 8718। দিছপুৰ হাস্পতালৰ সমীপতে সংঘটিত হৈছে এই ঘটনা।

 

ঘটনাৰ খবৰ পোৱা মাত্ৰেই লগে লগে সেই স্থানত উপস্থিত হয় দিছপুৰ আৰক্ষী। আৰক্ষী অহাৰ উমান পাইয়ে পলাই সাৰে ব্যৱসায়ী। এম্বুলেঞ্চসহ বাহনখনত থকা সামগ্ৰীসমূহ জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাকৈ এক গোচৰ ৰুজু কৰিছে।

 

পিছে বৰ্তমানলৈ কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।