মৰ্মান্তিক! লখিমপুৰত সৰ্পদংশনত যুৱতীৰ মৃত্যু

দেওবাৰে সন্ধিয়া ঘৰৰ ভিতৰতে বিষাক্ত সৰ্পই দংশন কৰিছিল যুৱতীগৰাকীক

 মৰ্মান্তিক! লখিমপুৰত সৰ্পদংশনত যুৱতীৰ মৃত্যু
NEWZNOW
NEWZNOW

June 29,2020 01:46

লখিমপুৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । সৰ্পদংশনৰ ফলত মৃত্যুক সাৱটিলে এগৰাকী যুৱতীয়ে । লখিমপুৰৰ বিহপুৰীয়াৰ পকাদলত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। সৰ্পদংশনৰ ফলত মৃত্যুক আঁকোৱালি লোৱা যুৱতীগৰাকী হ’ল শিখামনি বৰুৱা (১৯) ।

 

পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰী আছিল শিখামনি। দেওবাৰে সন্ধিয়া ঘৰৰ ভিতৰতে বিষাক্ত সৰ্পই দংশন কৰিছিল যুৱতীগৰাকীক।

 

বিহপুৰীয়া গ্ৰাম্য চিকিৎসালয়ৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বৰ লখিমপুৰলৈ নিয়াৰ পথতে মৃত্যুক সাৱটি লয় শিখামনিয়ে।

 

উপযুক্ত চিকিৎসাৰ অভাৱতেই যুৱতীগৰাকীৰ অকাল মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।