মহানগৰীত পাচলি বিক্ৰেতাৰ শৰীৰত ক'ভিড১৯, হাহাকাৰ শিলপুখুৰীত

৩দিন পূৰ্বে অশোক দাসে কৰিছিল ক'ভিড টেষ্ট।

মহানগৰীত পাচলি বিক্ৰেতাৰ শৰীৰত ক
NEWZNOW
NEWZNOW

June 29,2020 03:34

মহানগৰীৰ শিলপুখুৰীৰ এজন শাক-পাচলিৰ শৰীৰত ধৰা পৰিছে ক'ভিড–১৯ । দেওবাৰে সন্ধিয়ালৈকে ভাতৃ পংকজৰ সৈতে পাচলি ব্যৱসায় চলাই যোৱা অশোক দাস নামৰ ব্যৱসায়ীগৰাকী আক্ৰান্ত হৈছে ক'ভিড১৯ত ।

 

৩দিন পূৰ্বে অশোক দাসে কৰিছিল ক'ভিড টেষ্ট। কিন্তু ক'ভিড টেষ্টৰ ফলাফললৈ অপেক্ষা নকৰি অশোকে চলাই গৈছিল পাচলি ব্যৱসায় ।

 

অশোকৰ শৰীৰত ক'ৰোনাৰ উপস্থিতি লাভৰ পাচতে হাহাকাৰ লাগিছে ৰাইজৰ মাজত । কিয়নো অশোকৰ পাচলি দোকানৰ পৰা শ-শ গ্ৰাহকে ক্ৰয় কৰিছিল পাচলি অৰ্থাৎ অশোকৰ সংস্পৰ্শলৈ আহিছে বহু লোক ।