সুগন্ধি পখিলাৰ কবিৰ সোঁৱৰণত

আজি হীৰুদাৰ অষ্টম মৃত্যু বাৰ্ষিকী

সুগন্ধি পখিলাৰ কবিৰ সোঁৱৰণত
NEWZNOW
NEWZNOW

July 4,2020 02:57

ব‌য়স বাঢ়োতে বাঢ়োতে আমি বুঢ়া হ'লোসাকো নোহোৱা নৈখনৰ পাৰত এতিয়া আমি ৰৈ আছোসোঁৱৰণ হেৰোৱা মনে খলকনি তুলি পাৰ হৈ যাব খুজিছে বিষাদৰ ধুলি-বালি এন্ধাৰ;

 

                                       -হীৰেণ ভট্টাচাৰ্য্য

 

বয়সৰ পৰিধি ভাঙি সহজ ভাৱে বোধগম্য হোৱা কাব্যিক সৃষ্টিৰে প্ৰতিজন অসমীয়াৰ অন্তৰত স্হান লাভ কৰা হীৰেণ ভট্টাচাৰ্য্য দেৱৰ আজি অষ্টম মৃত্যু বাৰ্ষিকী। হীৰু দা নামেৰে সমাদৃত আধুনিক অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠতম কবি গৰাকীয়ে ২০১২ বৰ্ষৰ আজিৰ দিনটোতে চিৰবিদায় লৈছিল।

 

খূব কম শব্দৰ ভিতৰতে গভীৰ বিষয়বস্তু এটা উপস্থাপন কৰিব পৰা দক্ষতা সম্পন্ন সাহিত্যিক গৰাকীয়ে আধুনিক অসমীয়া সাহিত্যৰ জগতখন জীপাল কৰি তুলিছিল। হীৰু দাৰ কবিতাই যিকোনো বয়সৰ পঢ়ুৱৈক আমোদ দিবলৈ সক্ষম আছিল। তেখেতৰ কবিতাৰ বিষয়বস্তু গভীৰ অৰ্থবহ কিন্তু শব্দৰ ব্যৱহাৰ অতিশয় সৰল। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা শব্দৰ জৰিয়তে মানৱ জীৱনৰ সৌন্দৰ্য তথা যাদুকৰী দিশসমূহ উপস্থাপন কৰাত হীৰু দা পাৰ্গত আছিল।

 

১৯৩২ চনত যোৰহাটত জন্ম লাভ কৰা হীৰু দাক সাহিত্য অকাডেমি আৰু ভাৰতীয় ভাষা পৰিষদ আদিৰ দৰে সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছিল। তদুপৰি, ২০০০ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত হীৰু দা আছিল অসমীয়া লোক সংস্কৃতিৰ সাধক। প্ৰকৃতি প্ৰেমী হীৰু দাৰ সৃষ্টিৰাজিত মূলতঃ অসমীয়া গ্ৰাম্য জীৱন আৰু অসমৰ থলুৱা সংস্কৃতিৰ সুন্দৰ বৰ্ণন পোৱা যায়।

 

'ভোগালী' আৰু 'জোনাকী মন' কবিজনাৰ অনুপম  সৃষ্টি। 'ৰৌদ্ৰ কামনা'(১৯৬৮), 'কবিতাৰ ৰ'দ'(১৯৭৬), 'তোমাৰ বাহি', 'সুগন্ধি পখিলা'(১৯৮১), 'মোৰ দেশ আৰু মোৰ প্ৰেমৰ কবিতা'(১৯৭২),'বিভিন্ন দিনৰ কবিতা', 'শস্যৰ পথাৰ মানুহ'(১৯৯১),'মোৰ প্ৰিয় বৰ্ণমালা', 'ভালপোৱাৰ বোকা মাটি'(১৯৯৫),'ভালপোৱাৰ দিকচৌ বাটেৰে'(২০০০) -এই সমূহ হীৰু দাৰ চিৰসেউজ সৃষ্টি। হীৰু দা যিকোনো প্ৰজন্মৰ কবি, তেখেতে শিকাই গ'ল কবিতা অথবা সাহিত্য সৃষ্টিৰ বাবে জটিল শব্দৰাজিৰ নহয় প্ৰয়োজন মাথো বিশাল চিন্তা ধাৰাৰ।

হীৰু দা নাই, কিন্তু পাঠকৰ মাজত ৰৈ গ'ল তেওঁৰ কবিতা আৰু গীত। অষ্টম মৃত্যু বাৰ্ষিকীত সুগন্ধি পখিলাৰ কবিজনলৈ নিউজনাউৰ তৰফৰ পৰা যাঁচিলো সশ্ৰদ্ধ প্ৰণিপাত।