আশাৰ খবৰ : জাৰ্মান প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰিলে অসমীয়া যুৱকৰ গ্ৰন্থ

লকডাউনৰ মাজতে সাত সাগৰ তেৰ নদীৰ সিপাৰে অসমীয়া যুৱকৰ আলোড়ন |

আশাৰ খবৰ : জাৰ্মান প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰিলে অসমীয়া যুৱকৰ গ্ৰন্থ

বিশ্বজুৰি মহামাৰী ক'ৰোনাৰ সংহাৰত বিপন্ন মানব সভ্যতা | ক'ৰোনাক ৰোধিবলৈ দেশজুৰি দীৰ্ঘকালীন লকডাউনত স্তব্ধ জনজীৱন | তাৰ মাজতে সময়ৰ সদ ব্যৱহাৰেৰে অসমীয়া যুৱকৰ চমক | ৰচনা কৰি উলিয়াইছে যুগে যুগে মহামাৰীয়ে সৃষ্টি কৰা কালৰূপৰ বৰ্ণনাৰে বিশেষ গ্ৰন্থ |

 

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তর্গত বৰপথাৰ, বছাপথাৰ শ্যাম গাঁৱৰ কনছেং শ্যামে লিখি উলিয়াইছে যুগে যুগে সৃষ্টি হোৱা মহামাৰীৰ বিষয়ে ৫৩ পৃৃষ্ঠাজোৰা এখন গ্রন্থ ৷ যি খন গ্ৰন্থই এতিয়া খলকনি তুলিছে সাত সাগৰ তেৰ নদীৰ সিপাৰে | সুদূৰ জার্মানীৰ এটা প্রকাশক গোষ্ঠীয়ে প্ৰকাশ কৰিব শ্যামৰ এই গ্ৰন্থখন | লগতে ৮টাকৈ বিদেশী ভাষা ক্ৰমে- জার্মান, স্পেনিছ, ৰাছিয়ান, ফান্স, পর্তুগীজ, চেক আৰু পলিচ গ্ৰন্থখন অনুবাদ কৰাৰো অনুমতি বিচাৰিছে শ্যামৰ পৰা ৷

 

লকডাউনৰ মাজতে লিখি উলিওৱা এই গ্রন্থখনৰ নাম ৰখা হৈছে Globalization and Covid-19 As Cataclysm, Subtitle : The brief history of epidemics & pandemics | এই গ্ৰন্থখনে প্ৰকাশ কৰিব জার্মানীৰ Lambert AccademicPublishing & Omniscriptum Publishing Group–এ ৷ইতিমধ্যে গ্রন্থখন অনলাইনযোগে গ্রাহকৰ বাবে মুকলি কৰি দিছে জার্মান প্রকাশন গোষ্ঠীটোৱে ৷ morebooks.shop ত উপলব্ধ হৈছে গ্রন্থখন ৷এই কিতাপখনৰ মূল্য নির্ধাৰণ কৰা হৈছে ৩৯.৯০ ইউৰো অৰ্থাত্ ভাৰতীয় মূল্যত ৩,২৯৩ টকা |

 

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি বর্তমানো নিৱনুৱা যুৱক কনছেং শ্যামে তেওঁৰ গ্রন্থখন প্রকাশৰ বাবে ভাৰতীয় প্রকাশক বিচাৰিছিল | কিন্তু ধনৰ অভাৱত ভাৰতীয় প্রকাশক নাপাই অনলাইনৰ জৰিয়তে বিদেশী প্রকাশকৰ সন্ধান কৰি কাষ চাপিছিল জার্মান প্রকাশকৰ ৷ অৱশেষত Omniscriptum publishing group – এ গ্রন্থখন প্রকাশ কৰি অনলাইনত মুকলি কৰি দিছে আৰু অতিশীঘ্ৰেই গ্রন্থৰ আকাৰত প্রকাশ পাব উক্ত শ্যামৰ সপোনৰ ফচল কিতাপখন ৷