পিতা-পুত্ৰৰ মানৱতাৰ নিদৰ্শন...

এই সংকটকালত দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী বিতৰণ |

পিতা-পুত্ৰৰ মানৱতাৰ নিদৰ্শন...
NEWZNOW
NEWZNOW

April 5,2020 10:46

২১ লকডাউনৰ এই সময়ত স্তব্ধ জনজীৱন | সকলো বন্দী ঘৰৰ চাৰিবেৰৰ মাজত | এই সময়ত পেটে ভাতে খাই থকা এচাম দৰিদ্ৰ লোকে হাহাকাৰ কৰিব লগীয়া হৈছে এমুঠি অন্নৰ বাবে |কিন্তু এনে দুৰ্যোগৰ সময়তে টীয়কৰ কলীয়াপানী ৰ বিশিষ্ট সমাজকৰ্মী প্ৰতাপ শইকীয়াৰ পৰিয়াল আগবাঢ়ি আহিছে আৰ্তজনক সহায়ৰ বাবে | পেটে ভাতে খাই থকা কেইবাটাও পৰিয়ালৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰিছে দেখুৱাইছে মহানুভৱতা |অঞ্চলটোৰ শতাধিক পৰিয়ালক সাধ্যনুসৰি যোগান ধৰিছে অন্নৰ টোপোলা ।লগতে এই লকডাউনৰ সময়সীমা বৃদ্ধি হ'লেপুনৰ ৰাইজক এনেদৰে সহায়ৰ হাত আগবঢ়াই যাব বুলিও উল্লেখ কৰে প্ৰতাপ শইকীয়াৰ বৰ পুত্ৰ ব্যৱসায়ী অবিনাশ শইকীয়াই | পৰিয়ালটোৰ এনে মহত্ পদক্ষেপক এতিয়া শলাগ লৈছে অঞ্চলটোৰ ৰাইজে |