৩টা দশকৰ অৱসান,ইতিহাস হ'ল সাদিন কাকত

যিখন কাকতলৈ আগ্ৰহেৰে বাট চাইছিল অসমবাসী ৰাইজে, যিখন কাকত হৈ পৰিছিল সকলোৰে আবেগ ।

৩টা দশকৰ অৱসান,ইতিহাস হ
NEWZNOW
NEWZNOW

May 5,2020 11:02

অৱশেষত বন্ধ হ'ল জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত 'সাদিন' । ১৯৮৯ চনৰ পৰা খবৰৰ যোগান ধৰি অসমীয়া ৰাইজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই পৰা সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত 'সাদিন' আৰু ৰাইজৰ মাজলৈ নাহে ।

 

যিখন কাকতলৈ আগ্ৰহেৰে বাট চাইছিল অসমবাসী ৰাইজে, যিখন কাকত হৈ পৰিছিল সকলোৰে আবেগ । সাদিনৰ লগতেই বিজড়িত হৈ বহুতৰে বহু স্মৃতি । কিয়নো সাদিনত নিজ সৃষ্টিৰাজি প্ৰকাশৰ যোগেদিয়েই বহুতে ভুমুকি মাৰিছিল সাহিত্যৰ জগতত । সাদিন যেন সকলোৰে সপোন হৈ পৰিছিল সকলোৰে বাবে ।

 

বিগত ৩টা দশকে সকলো খবৰ আনন্দ-বিনোদন কঢ়িয়াই ফুৰা 'সাদিন' কাকত বন্ধ হোৱাত দুখ প্ৰকাশ কৰিছে অসমবাসী ৰাইজে