ক'ৰোনাৰ আঁচলত ধৰি এইবাৰৰ ৰঙালীৰ উৰুকা

আজি বিহুৰ উৰুকা, কাইলৈ বিহুৰ ভুঁৰুকা অ' আইতা গামোচা কাটিবৰ হ'ল |

ক

ভূপেনদাই কৈছিল ব’হাগ মাথোঁ এটি ঋতু নহয় , নহয় ব’হাগ মাথোঁ এটি মাহ ৷ ই অসমীয়া জাতিৰ আয়ুসৰেখা , গণজীৱনৰ সাহ ... ৷সঁচাকৈয়ে চাওতে চাওতে অসমীয়া জাতিক জীয়াবলৈ আকৌ আহি পালে প্ৰাণৰ ব'হাগ | প্ৰকৃতিৰ ৰং, কুলি-কেতেকীৰ মাততো ব'হাৰেই বাহ |

আজি ৰঙালীৰ উৰুকা | যদিও আজি পূৰ্বৰ উৰুকাৰ উথপথ পৰিৱেশ নাই | নাই ৰাইজৰ মাজত ৰঙালীৰ আনন্দ-উচাহ | প্ৰাণোচ্ছল হৈ পৰা নাই ডেকা-গাভৰুৰ মন | নাই ঢোল,পেঁপা,গগণাৰ মাত | যেন সকলোৱে বুকুৰ মাজতেই সংগোপনে ব'হাগক দিছে এধানি মৰম |

ক'ৰোনাৰ বিভীষিকাৰ বাবেই আজি নাই উৰুকাৰ সেই মাদকতা | আজিৰ ঢেকীশালত নাই ঢেকীৰ গুমগুমনি,আইৰ খিলখিলনি | তাঁতশালতো নাই চেনেহীৰ ব্যস্ততা | নাই আমাৰ আজো-ককাৰ দিনৰ পৰা পালন কৰি অহা পৰম্পৰাবোৰক জীয়াই ৰখাৰ হেঁপাহ |ক'ৰোনাৰ কৱলত এতিয়া ঘৰতেই আৱদ্ধ অসমীয়াই নিৰৱে বিহুটিক মনত পেলোৱাৰ বাদেই যেন উপায়হীন |

চিৰপ্ৰবাহমান গতিৰে এইবাৰৰ বিহুটিয়ে বিদায় ল'ব এনেদৰেই |