Thursday, October 3, 2024
HomeAssamফাইজাৰৰ মৃত্যুক লৈ ৰহস্য! মৃতদেহত আছিল আঘাতৰ চিহ্ন! অভিযোগ পৰিয়ালৰ…

ফাইজাৰৰ মৃত্যুক লৈ ৰহস্য! মৃতদেহত আছিল আঘাতৰ চিহ্ন! অভিযোগ পৰিয়ালৰ…

ফাইজাৰৰ মৃত্যুক লৈ সন্দেহ পৰিয়ালৰ।

মৃতদেহত আছিল আঘাত আৰু এচিডৰ ক্ষত-বিক্ষত চিহ্ন।

খৰগপুৰ আইটিআই কৰ্তৃপক্ষৰ ৰহস্যজনক ভূমিকা।

চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে পৰিয়ালে।

ভবিষ্যত প্ৰজন্মৰ সুৰক্ষা স্বাৰ্থত সকলোকে একত্ৰিত হোৱাৰ আহ্বান।

পুনৰ প্ৰাণ হেৰুৱালে অসমৰ এজন মেধাৱী ছাত্ৰ‌ই । বিভিন্ন সময়ত অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে বহিঃ ৰাজ্যত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈ নিৰ্যাতনৰ সন্মুখীন হোৱাৰ লগতে মৃত্যুকো আকোঁৱালি ল’বলগীয়া হয়। শেহতীয়া ভাৱে অসমৰ তিনিচুকীয়া জিলাৰ ফাইজান আহমেদ নামৰ মেধাৱী ছাত্ৰ‌ই আই আই টি খৰগপুৰ (পশ্চিম বংগত) অধ্যয়ন কৰিবলৈ গৈ ৰহস্যজনক ভাৱে মৃত্যুক আকোঁৱালি লয়। দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান সমুহতো ছাত্ৰৰ জীৱনৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে পশ্চিমবংগৰ চৰকাৰে ।

মৃত ছাত্ৰৰ পৰিয়ালৰ লোকে অভিযোগ কৰামতে সংশ্লিষ্ট শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষই পোনপটীয়াকৈ অভিভাৱকক ঘটনাটো অৱগত কৰাৰ বিপৰীতে আৰক্ষীৰ জৰিয়তেহে অৱগত কৰা বিষয়টোও ৰহস্যজনক। এয়া ষড়যন্ত্ৰমূলক হত্যাকাণ্ড বুলি অভিহিত কৰিছে ফাইজাৰৰ পৰিয়ালে।

যাৰ সন্তানে অকাল মৃত্যুক সাৱটি লৈছে সি হে জানে কিমান বেদনাদায়ক । কিমান সপোন ৰচিছিল সেই মেধাৱী ছাত্ৰগৰাকী জনক লৈ ? মৃত্যুৰ দুদিন পিছত হে উৱলি যোৱা নিথৰ দেহক চমজাই দিয়ে ছাত্ৰজনৰ পিতৃক । সেই সময়তো আই আই টি কৰ্তৃপক্ষই দূৰ্ব্যৱহাৰ কৰা বুলি পিতৃয়ে উল্লেখ কৰে ।

প্ৰশ্ন হয় আৰু কিমান ছাত্ৰ – ছাত্ৰীয়ে এইদৰে নিৰাপত্তাহীনতাত ভূগি অকাল মৃত্যুক সাৱটিলে চৰকাৰে সাৰ পাব ? যদি নিৰাপত্তাই দিব নোৱাৰে তেন্তে কিয় আমাৰ সাধাৰণ জনতাৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি সেইবোৰ শিক্ষানুষ্ঠান চলাই আছে ?

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments