সমলৈংগিক বিবাহ সমৰ্থন নকৰে মোডী চৰকাৰে
। উচ্চতম ন্য়ায়ালয়ত কেন্দ্ৰৰ শপতনামা
। এয়া ভাৰতীয় সমাজৰ পৰিপন্থী
। ১৩ মাৰ্চত শুনানি আৰম্ভ
। সমলৈংগিক বিবাহক ন্য়ায়িক অনুমোদন প্ৰদান কৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ ন্য়ায়ালয়ত শপত নামা দাখিল । দেওবাৰে ৫৬ পৃষ্ঠাযোৰা শপত নামাৰ যোগেদি বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি দেশৰ সৰ্বোচ্চ ন্য়ায়ালয়ক অৱগত কৰে মোডী চৰকাৰে । সৰ্বোচ্চ ন্য়ায়ালয়ে সমলৈংগিক বিবাহৰ ন্য়য়িক অনুমোদন সন্দৰ্ভত সোমবাৰৰ পৰা শুনানি গ্ৰহণ কৰিব । সেয়েহে ভাৰত চৰকাৰে শুনানি আৰম্ভ হোৱাৰ পূৰ্বে এই বিবাহৰ বিপক্ষে নিজৰ স্থিতি স্পষ্ট কৰে । কেন্দ্ৰীয় চৰকাৰৰ শপত নামাত কোৱা হৈছে যে সমলৈংগিক বিবাহ ভাৰতীয় পৰম্পৰাৰ পৰিপন্থী । এই বিবাহৰ পতি-পত্নী আৰু তেওঁলোকৰ যোগেদি জন্ম হোৱা সন্তানৰ ধাৰণাৰ লগত কোনো ধৰণৰ মিল নাই । বৰ্তমান সময়ত সমাজত বিভিন্ন ধৰণৰ বৈবাহিক সম্পৰ্কক যি মান্য়তা দিয়া হৈছে সেই লৈ তেওঁলোকৰ আপত্তি নাই বুলিও চৰকাৰে মত পোষণ কৰে । দেশৰ বিভিন্ন উচ্চ ন্য়ায়ালয় সমূহত সমলৈংগিক বিবাহক লৈ কৰা আবেদন সমূহ সৰ্বোচ্চ ন্য়ায়ালয়ে একলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু যোৱা ৬ জানুৱাৰীৰ পৰা এই সম্পৰ্কীয় সকলো আবেদন উচ্চতম ন্য়ায়ালয়লৈ স্থানান্তৰিত কৰা হৈছিল । মুখ্য় ন্য়ায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্য়ায়াধীশ পী এচ নৰসিংহ আৰু ন্য়ায়াধীশ জে বি পাৰদীৱালাৰ তিনিজনীয়া বিচাৰ পীঠত এই সম্পৰ্কত সোমবাৰৰপৰা শুনানি আৰম্ভ হ'ব ।