মোদীয়ে বিচাৰিলেও মুছলমানে প্ৰত্যাখ্যান কৰিছে বিজেপিক। হিন্দুত্ববাদৰ গৱেষণাগাৰত ফেইল হৈছে মোদীৰ মুছলিম তুষ্টিকৰণ নীতি।যোগীক বদনাম কৰিবলৈ গৈ মুখ থেকেছা খালে মোদীয়ে। উত্তৰ প্ৰদেশত নচলিল মোদীৰ মুছলমানৰ ৰাজনীতি
বিগত ১৩ মে’ত ঘোষণা হোৱা উত্তৰ প্ৰদেশৰ নিকায় নিগমৰ নিৰ্বাচনী ফলাফল বিজেপি পক্ষে গলেও এই নিৰ্বাচনত ধৰাশায়ী হ’ল মোদীৰ মুছলিম তুষ্টিকৰণৰ সম্পৰীক্ষণ। মোদীৰ পৰিকল্পনাৰ মতেই হিন্দুত্ববাদৰ গৱেষণাগাৰ হিচাপে পৰিচিত উত্তৰ প্ৰদেশৰ নিকায় নিগমৰ নিৰ্বাচনত মুছলমানক টিকট দি বৃহৎ লোকচানৰ সম্মুখীন হ’ল বিজেপি উত্তৰ প্ৰদেশত নিকায়-নিগমৰ নিৰ্বাচনত
৩৯৫ গৰাকী পাচমাণ্ডা মুছলমানক টিকট দিছিল বিজেপিয়ে। কিন্তু বিজেপিৰ টিকটত নিৰ্বাচন খেলি। জয়ী হ’বলৈ সক্ষম হ’ল মাত্ৰ ৪১ গৰাকী পাচমাণ্ডা মুছলমান প্ৰাৰ্থী
উত্তৰ প্ৰদেশত নিকায়-নিগমৰ নিৰ্বাচনত ৪ গুণ মুছলমান প্ৰাৰ্থীক টিকট দিও মুছলমান ভোটাৰক আকৃষ্ট কৰাত ব্যৰ্থ হ’ল বিজেপি। ৰাজ্যখনৰ পৌৰ নিগম নিৰ্বাচনত ১৭ খন পৌৰ নিগমৰ ভিতৰত ১৭ খনেই দখল কৰিবলৈ সক্ষম হয় বিজেপি।
মেয়ৰ পদটোও দখল কৰিবলৈ সক্ষম হয় বিজেপি। বিপৰীতে ৯০ টা অধ্যক্ষৰ পদ আৰু ৬০০ তকৈ অধিক ৱাৰ্ডত জয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী। অৱশ্যে মুছলমান প্ৰাৰ্থী নিক্ষেপ কৰাৰ পাছতো। গৰিষ্ঠ সংখ্যক আসনত পৰাজিত হ’ল বিজেপিৰ প্ৰাৰ্থী। অৰ্থাৎ উত্তৰ প্ৰদেশৰ দৰে হিন্দুত্ববাদৰ গৱেষণাগাৰত সফল নহ’ল মোদীৰ “মুছলমান কাৰ্ড”!
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুছলিম তুষ্টিকৰণৰ অংশ হিচাই যে নিকায়-নিগমৰ নিৰ্বাচনত পূৰ্বতকৈ প্ৰায় চাৰি গুণ মুছলমান প্ৰাৰ্থীক বিজেপিৰ পৰা টিকট প্ৰদান কৰা হৈছিল সেই কথা ইতিমধ্যে সৱিস্তাৰে সম্প্ৰচাৰ হৈছিল NEWZNOW ত।ইতিমধ্যে আমি প্ৰতিবেদন আকাৰে উল্লেখ কৰিছিলো যে,যোগীৰ কেৰিয়াৰত দাগ লগাবলৈকে মুছলমানক প্ৰাৰ্থীত্ব দিবলৈ হেঁচা দিছিল মোদীয়ে
ৰাষ্ট্ৰীয়তাবাদী আৰু হিন্দুত্ববাদী ৰাজনীতিৰে দল আৰু হিন্দু সমাজৰ মাজত নিগাজি আসন দখল কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। যিটো শংকাৰ কাৰণ হৈ পৰিছে মোদীৰ।সেয়েহে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ৰাজনৈতিক কেৰিয়াৰ কলংকিত কৰাৰ লগতে তেওঁক মুছলিম তুষ্টিকাৰীৰূপে প্ৰতিষ্ঠা কৰিবলৈকে উত্তৰ প্ৰদেশৰ শেহতীয়া নিকায় নিগমৰ নিৰ্বাচনত মোদীৰ হস্তক্ষেপত বিজেপিৰ টিকটত প্ৰক্ষেপ কৰা হৈছিল তিনি শতাধিক মুছলমান প্ৰাৰ্থী। কিন্তু পৰিকল্পিত ৰাজনীতিত চূড়ান্ত ৰূপত ব্যৰ্থ হ’ল মোদী
উত্তৰ প্ৰদেশৰ জনতাই প্ৰত্যাখ্যান কৰিলে বিজেপিৰ টিকটত নিৰ্বাচন খেলা সৰ্বাধিক সংখ্যক মুছলমান প্ৰাৰ্থীক। বিজেপিৰ টিকটত নিৰ্বাচন খেলা ৩৯৫ গৰাকী মুছলমানৰ নিৰ্বাচিত হ’ল ৪১ গৰাকী
ইয়াৰ পাছতেই চৰ্চা চলিছে যে,৮৪ শতাংশ হিন্দু ভোটাৰ থকা কৰ্ণাটকত মোদীৰ মেজিক ফেইল হোৱাৰ পাছত উত্তৰ প্ৰদেশটো নিটিকিল মোদীৰ মুছলিম তুষ্টিকৰণৰ ৰাজনীতি
- নিউজ নাওৰ হৈ প্ৰতিবেদন যুগুত কৰিছিল ৰামায়াই