Saturday, September 28, 2024
HomeIndiaআকৌ বিমুদ্ৰাকৰণৰ দিশে মোদী চৰকাৰ। খৰধৰ কৰক,বন্ধ হ'ব ২০০০ টকীয়া নোট

আকৌ বিমুদ্ৰাকৰণৰ দিশে মোদী চৰকাৰ। খৰধৰ কৰক,বন্ধ হ’ব ২০০০ টকীয়া নোট

৩০ ছেপ্টেম্বৰৰ আগতে সলনি কৰক ২০০০ টকীয়া নোট

পুনৰবাৰ বিমুদ্ৰাকৰণৰ দিশে আগবঢ়িছে নেকি মোদী চৰকাৰৰ ? আপোনাৰ হাতত যদি ২০০০ টকীয়া নোট আছে তেন্তে শীঘ্ৰেই সলনি কৰক। ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ‌।তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০০ টকাৰ নোট প্ৰদান বন্ধ কৰিবলৈ বেংকসমূহক পৰামৰ্শ RBI ৰ। ক্লীন নোট পলিচীৰ অধীনত ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিবলৈ আগবাঢ়িছে বৃহৎ সিদ্ধান্ত। চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ পাছত বজাৰৰ পৰা নাইকিয়া হৈ পৰিব ২০০০ টকীয়া নোট। ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰিজাৰ্ভ বেংকত সলনি কৰিব আপোনাৰ হাতত থকা ২০০০ টকীয়া নোট। ২৩ মে’ৰ পৰা সকলো বেংকত সালসলনি কৰিব পাৰিব আপোনাৰ হাতত মজুত থকা ২০০০ টকীয়া নোট। ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ পাছৰ পৰাই দেশত প্ৰচলন হৈছিল ২০০০ টকীয়া নোট।উল্লেখযোগ্য যে,শেহতীয়াকৈ বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল মোদীয়ে ২০০০ টকীয়া নোট প্ৰচলন বন্ধ কৰিবলৈ দাবী জনাইছিল। চলিত বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত দেশৰ বজাৰত উপলদ্ধ হৈ আছিল ৩.৬২ লাখ কোটি টকা মূল্যৰ ২০০০ টকীয়া নোট

প্ৰতিবেদক নিউজ

RELATED ARTICLES

Leave a reply

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments